NORTHEAST NOW (Assamese)
Popular Stories

টী-২০ বিশ্বকাপত লজ্জাজনক ৰেকৰ্ড! ১০ বছৰ পূৰ্বৰ অভিলেখ স্পৰ্শ নৱাগত দলৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 9, 2024 3:21 pm

চলিত টী-২০ বিশ্বকাপত উগাণ্ডাই লজ্জাজনক অভিলেখ গঢ়িলে। দেওবাৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৩৯ ৰাণতে তেওঁলোকৰ ইনিংছ সমাপ্ত হয়। কেৰিবিয়ান বলিং আক্ৰমণৰ বিৰুদ্ধে উগাণ্ডাৰ বেটছমেনসকলে ১২ অভাৰতকৈ বেছি বেটিং কৰিব নোৱাৰিলে। তাতেই গঢ়িল লজ্জাজনক ৰেকৰ্ড।

টী-২০ বিশ্বকাপত উগাণ্ডা নতুন দল। ২০ অভাৰৰ বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিছে আফ্ৰিকান দেশখনে। দেওবাৰে টী-২০ বিশ্বকাপৰ ইতিহাসত তেওঁলোকে সৰ্বনিম্ন ইনিংছ খেলে

ফটোঃ সংগ্ৰহীত।

২০১৪ চনৰ টী-২০ বিশ্বকাপত শ্ৰীলংকাৰ বিৰুদ্ধে নেদাৰলেণ্ডৰ ইনিংছ শেষ হৈছিল মাত্ৰ ৩৯ ৰানত। টী-২০ বিশ্বকাপৰ ইতিহাসত যিকোনো দলৰ এয়া সৰ্বনিম্ন ইনিংছ। ১০ বছৰৰ পাছত উগাণ্ডাই দেওবাৰে এই লজ্জাৰ অভিলেখ স্পৰ্শ কৰিলে।

দেওবাৰে প্ৰথমে বেটিং কৰি ৱেষ্ট ইণ্ডিজে ৫ উইকেটত ১৭৩ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত ১২ অভাৰত ৩৯ ৰানতে উগাণ্ডাৰ ইনিংছ সমাপ্ত হয়। বিশ্বকাপৰ অন্যতম আয়োজক দলটোৱে ১৩৪ ৰানৰ ব্যৱধানত জয়লাভ কৰে।

ফটোঃ সংগ্ৰহীত।

উগাণ্ডাৰ হৈ একমাত্ৰ দুটা সংখ্যাৰ ৰান সংগ্ৰহ কৰে জুমা মিয়াগীয়ে। ৯ নম্বৰত বেটিং কৰি তেওঁ ২০টা বলত ১৩ ৰান কৰি অপৰাজিত হৈ থাকে। ৱেষ্ট ইণ্ডিজৰ আকিল হোছেইনে ১১ ৰানত ৫ টা উইকেট দখল কৰে।