NORTHEAST NOW (Assamese)
Popular Stories

ভাৰত-পাক মেচৰ উত্তেজনাত আহিল হাৰ্টষ্ট্ৰোক;প্ৰাণ গ’ল মুম্বাই ক্ৰিকেট এছ’চিয়েছনৰ সভাপতিৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 11, 2024 3:54 pm

আমেৰিকাৰ নিউয়ৰ্কৰ নাছাউ ষ্টেডিয়ামত বহি ভাৰত আৰু পাকিস্তানৰ মেচ চাই আছিল অমল কালে-এ। অমল আছিল মুম্বাই ক্ৰিকেট সন্থাৰ সভাপতি। খেলখনৰ চাপ সহ্য কৰিব নোৱাৰি প্ৰখ্যাত শিল্পীগৰাকীয়ে অকালতে শেষ নিশ্বাস ত্যাগ কৰে।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৭ বছৰ।

মুম্বাই ক্ৰিকেট এছ’চিয়েছনৰ সম্পাদক অজিংক্য নায়ক আৰু সুৰজ সম্ৰাটৰ সৈতে অমলে খেল চাই আছিল৷মেচৰ টেনচন ল’ব নোৱাৰি অমলৰ বুকুত বিষ অনুভৱ হ’ল। লগে লগে তেওঁক স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু চিকিৎসকে তেওঁক পৰীক্ষা কৰি ক’লে যে তেওঁৰ হাৰ্ট এটেকত মৃত্যু হৈছে।

শেষৰখন ভাৰত-পাক মেচত ৰোহিত শৰ্মা বাহিনীয়ে জয়লাভ কৰে। যদিও ভাৰতীয় বেটিং অৰ্দাৰ বেটিং কৰাত ব্যৰ্থ হয়, তথাপিও দলটোৰ বলাৰসকলে মেচখনত সুন্দৰ প্ৰদৰ্শন আগবঢ়াই। যশপ্ৰীত বুমৰাহ দলৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী পৰিগণিত হিচাপে হয়, তেওঁ ১৪ ৰানত তিনিটা উইকেট দখল কৰে। ভাৰতৰ ছিনিয়ৰ পেচাৰে পাক দলৰ বেটিং অৰ্দাৰক স্তব্ধ কৰি দিয়ে।