NORTHEAST NOW (Assamese)
Popular Stories

সুখবৰ! ভাৰতীয় সেনাত সংযোজন কৰা হ’ল স্বদেশত নিৰ্মিত আত্মঘাতী ড্ৰোন ‘নাগাস্ত্ৰ-১’

Posted by: নৰ্থ ইষ্ট নাও অসমীয়া Updated by: নৰ্থ ইষ্ট নাও অসমীয়া June 14, 2024 6:19 pm

ৰামচন্দ্ৰ আৰু অৰ্জুনৰ পাছত ভাৰতীয় সেনাত সংযোজিত হৈছে নাগাস্ত্ৰ-১।সম্পূৰ্ণৰূপে মেড ইন ইণ্ডিয়া বা স্বদেশী ছুইচাইড ড্ৰোন হৈছে নাগাস্ত্ৰ-১। প্ৰথমবাৰৰ বাবে নাগপুৰৰ নিৰ্মাণ কোম্পানী ছ’লাৰ ইণ্ডাষ্ট্ৰীজে ভাৰতীয় সেনাক ১২০খন আত্মঘাতী ড্ৰ’ন গতাই দিছে। এই মানৱবিহীন মাইক্ৰ’প্লেন ১-৪ কিলোগ্ৰাম বিস্ফোৰকেৰে ১৫-৩০ কিলোমিটাৰ পৰ্যন্ত উৰণ কৰিবলৈ সক্ষম।

চীন সীমান্তৰ সমীপৰ লাডাখৰ নুব্ৰা উপত্যকাতো ইয়াৰ পৰীক্ষা কৰা হৈছে। ইয়াক সৌৰ উদ্যোগৰ সহযোগী কোম্পানী ইকনমিক্স এক্সপ্ল’ছিভছ লিমিটেড কোম্পানী আৰু জেড মোচন অটোনমাছ চিষ্টেমছ প্ৰাইভেট লিমিটেডে বিকশিত কৰিছে। সূত্ৰ অনুসৰি সেনাই মুঠ ৪৫০ খন আত্মঘাতী ড্ৰোন লাভ কৰিবলৈ গৈ আছে।

এই ড্ৰোনে শত্ৰুৰ বাংকাৰ, শিবিৰ, অস্ত্ৰভাণ্ডাৰ উৰুৱাই বিস্ফোৰণ ঘটাবলৈ সক্ষম। আনকি এটা লুকাই থকা সন্ত্ৰাসবাদী ঘাটি এটাও নিঃশেষ কৰিব পাৰে।

ড্ৰোনখনৰ শব্দ অতি কম হ’ব। ফলত সতৰ্কবাণী দিয়াৰ আগতে লক্ষ্যত খুন্দা মাৰিব। কেৱল সেয়াই নহয়, নাগাস্ত্ৰ-১-এ কাৰিকৰী কৌশলেৰে সহজেই ৰাডাৰৰ চকুত ধূলি দিব পাৰে।ইতিমধ্যে দুই প্ৰকাৰৰ নাগাস্ত্ৰ বিকশিত হৈছে। যি ৪৫০০ মিটাৰ উচ্চতাত এঘণ্টাৰ পৰা ডেৰ ঘণ্টালৈকে ঘূৰিব পাৰে।

নাগাস্ত্ৰই দিন আৰু ৰাতি দুয়োটা সময়তে উৰিব পাৰে। ইয়াত ডুৱেল চেন্সৰ আছে।ইয়াৰ ১১ কেজি ওজন। ২৫ কিলোমিটাৰ দূৰত্বলৈকে ছবি প্ৰেৰণ কৰিবলৈ সক্ষম নাগাস্ত্ৰ। লগতে জিপিএছ টাৰ্গেট ৰেঞ্জ ৬০ কিলোমিটাৰ। ইজৰাইল আৰু পোলেণ্ডৰ পৰা আমদানি কৰা আকাশ অস্ত্ৰতকৈয়ো ইয়াক ৪০ শতাংশ সস্তাত নিৰ্মাণ কৰা হৈছে।