NORTHEAST NOW (Assamese)
অসম

মৰ্মান্তিক! পত্নীৰ মৃত্যুৰ বতৰাত শোকস্তব্ধ হৈ চৰম পন্থা বাছি ল’লে জ্যেষ্ঠ IPS বিষয়া শিলাদিত্য চেতিয়াই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 18, 2024 6:03 pm

এটি মৰ্মান্তিক বতৰাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য৷ দীৰ্ঘদিনৰ পৰা কৰ্কটৰোগত আক্ৰান্ত পত্নীৰ মৃত্যুৰ বতৰাত ব্যথিত হৈ মৃত্যুক আকোঁৱালি ল’লে অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব IPS শিলাদিত্য চেতিয়াই। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত গুলীচালনা কৰি আত্মহত্যা কৰে বিষয়াজনে৷বিষয়াজনৰ এই চৰম সিদ্ধান্তত স্বাভাৱিকতে আচৰিত হৈ পৰিছে সমগ্ৰ ৰাজ্য৷