NORTHEAST NOW (Assamese)
জীৱনশৈলী

বন্দে ভাৰত এক্সপ্ৰেছত পৰিবেশন কৰা খাদ্যত ওলাল পইতাঁচোৰা; ভাৰতীয় ৰে’লৱেই ক্ষমা বিচাৰিলে ভুক্তভোগীক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 20, 2024 7:17 pm

ভাৰতীয় ৰে’লৱে কেটাৰিং এণ্ড টুৰিজিম কৰ্প’ৰেশ্যনৰ অফিচিয়েল এক্স একাউণ্টে বন্দে ভাৰত এক্সপ্ৰেছত ভোপালৰ পৰা আগ্ৰালৈ যোৱাৰ সময়ত পৰিবেশন কৰা খাদ্যত পইতাঁচোৰা পোৱা এহাল দম্পতীৰ ওচৰত ক্ষমা বিচাৰিছে।

এক্স ব্যৱহাৰকাৰী বিদিত বাৰ্ষ্ণীয়ে ক্ষুব্ধ হৈ অভিযোগ পোষ্ট কৰি কয় যে তেওঁৰ ককাক আৰু পেহীয়েকক বন্দে ভাৰত এক্সপ্ৰেছত খাদ্য দিয়া হৈছিল য’ত তেওঁলোকে এটা খাদ্যত পইতাঁচোৰা পোৱা গৈছিল।

বিদিতে পোষ্টটো শ্বেয়াৰ কৰাৰ দুদিন পাছত আইআৰচিটিচিয়ে ক্ষমা খোজে আৰু লগতে কয় যে সংশ্লিষ্ট সেৱা প্ৰদানকাৰীৰ ওপৰত “উপযুক্ত শাস্তি” আৰোপ কৰা হৈছে।যাত্ৰীসকলক সহায় কৰাৰ চৰকাৰী একাউণ্ট ৰে’লৱে সেৱায়ো বিদিতৰ অভিযোগৰ প্ৰতি সঁহাৰি জনায়।

এই ঘটনাই পুনৰবাৰ ৰে’লৱেত পৰিবেশন কৰা খাদ্যৰ সুৰক্ষাৰ মানদণ্ডক লৈ উদ্বেগ প্ৰকাশ কৰিছে। জানুৱাৰী মাহতো নতুন দিল্লীৰ পৰা বাৰাণসীলৈ বন্দে ভাৰত এক্সপ্ৰেছেৰে যাত্ৰা কৰা এজন যাত্ৰীয়ে যাত্ৰাৰ সময়ত তেওঁক পুৰণি খাদ্য পৰিবেশন কৰা বুলি অভিযোগ উত্থাপন কৰিছিল।