NORTHEAST NOW (Assamese)
Popular Stories

জামিন লাভ কৰিলে অৰবিন্দ কেজৰিৱাল, ইডিৰ অনুৰোধ নাকচ দিল্লী আদালতৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 20, 2024 8:24 pm

বৰ্তমান বাতিল হোৱা সুৰা নীতিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত বৃহস্পতিবাৰে দিল্লীৰ আদালতে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক জামিন প্ৰদান কৰে। আজিৰ পূৰ্বে এই নিৰ্দেশ সংৰক্ষিত কৰাৰ পাছত ৰাউছ এভিনিউ আদালতৰ ন্যায়াধীশ ন্যায় বিন্দুৱে জামিন মঞ্জুৰ কৰে।

এই নিৰ্দেশ গৃহীত হোৱাৰ পাত ইডিয়ে আদালতক অনুৰোধ জনায় যে ইয়াৰ আইনী প্ৰতিকাৰৰ বাবে ৪৮ ঘণ্টা সময় দিব লাগে। অৱশ্যে ন্যায়াধীশে এই নিৰ্দেশ স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰে।

১ লাখ টকাৰ জামিন বণ্ড দি শুকুৰবাৰে তিহাৰ জেলৰ পৰা ওলাই আহিব পাৰে আপৰ নেতাগৰাকী।লোকসভা নিৰ্বাচনৰ ঠিক আগতেই ২১ মাৰ্চত বলবৎকাৰী সঞ্চালকালয়ে নাটকীয় দৃশ্যপটত গ্ৰেপ্তাৰ কৰিছিল কেজৰিৱালক। মে’ মাহত সাধাৰণ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি উচ্চতম ন্যায়ালয়ে তেওঁক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল। তাৰ পাছত কেজৰিৱালে ২ জুনত তেওঁ আত্মসমৰ্পণ কৰে।