NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীৰ সন্ধানহীন ৩ স্কুলীয়া ছাত্ৰীক এনজেপি ষ্টেচনৰ পৰা উদ্ধাৰ কৰিলে অসম আৰক্ষীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 26, 2024 12:22 pm

অসম আৰক্ষীয়ে মঙলবাৰে নিউ জলপাইগুৰি ৰে’ল ষ্টেচনৰ পৰা তিনিগৰাকী গুৱাহাটীj স্কুলীয়া ছাত্ৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

তিনিওগৰাকী ছোৱালী নুনমাটিৰ ছানছাইন পাব্লিক স্কুলৰ ছাত্ৰী আৰু বিদ্যালয়লৈ অহাৰ পিছত সোমবাৰে সন্ধানহীন হৈছিল।

গুৱাহাটী আৰক্ষীয়ে নিজৰ এক্স হেণ্ডলত সফল উদ্ধাৰ অভিযানৰ ওপৰত আলোকপাত কৰিছে। তাত লিখিছে, “নূনমাটি আৰক্ষী থানাৰ চিজিপিডিৰ এটা দলে আৰ পি এফৰ সহায়ত যোৱা নিশা নিউ জলপাইগুৰিৰ পৰা ৩ গৰাকী নাবালিকাক উদ্ধাৰৰ বাবে ক্ষীপ্ৰতাৰে কাম কৰে। ছোৱালীকেইগৰাকীক পৰিয়ালৰ সৈতে পুনৰ মিলিত কৰাৰ বাবে গুৱাহাটীলৈ অনা হৈছে। ইয়াৰ পূৰ্বে নেপালী চ’কৰ ছানছাইন পাব্লিক স্কুলৰ পৰা সন্ধানহীন হৈছিল ছোৱালীকেইগৰাকী।”

লগতে পঢ়কঃ APSC কেলেংকাৰি: বিশেষ আদালতে নাকচ কৰিলে SIT ৰ প্ৰতিবেদন, পুনৰ তদন্তৰ নিৰ্দেশ

সন্ধানহীন হোৱা তিনিগৰাকী ছোৱালীৰ বিষয়ে আৰক্ষীক অৱগত কৰাৰ পিছত তদন্ত কৰি গম পায় যে ছাত্ৰীকেইগৰাকী গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা ৰে’লযোগে পশ্চিম বংগলৈ ৰাওনা হৈছে।

তদুপৰি, মঙলবাৰে পুৱা ছোৱালীকেইগৰাকীয়ে পশ্চিম বংগৰ আলিপুৰদুৱাৰ ষ্টেচনৰ পৰা পৰিয়াললৈ ভিডিঅ’ কল কৰিছিল।

তাৰপিছতে নুনমাটি আৰক্ষীয়ে আৰ পি এফ জোৱানৰ সৈতে যোগাযোগ কৰি ছোৱালীকেইগৰাকীৰ বিষয়ে সতৰ্ক কৰি দিয়ে। যৌথ অভিযানত তেওঁলোকে ছোৱালীকেইগৰাকীক উদ্ধাৰ কৰি পৰিয়ালক গতাই দিবলৈ সক্ষম হয়।