NORTHEAST NOW (Assamese)
অসম

পুনৰ লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত ওম বিৰলা; স্পৰ্শ কৰিলে বলৰাম জাখাৰৰ অভিলেখ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 26, 2024 1:00 pm

পুনৰ লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে ওম বিৰলা। দ্বিতীয় বাৰৰ বাবে তেওঁ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়। বুধবাৰে ১৮ সংখ্যক লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচনত এন ডি এৰ প্ৰাৰ্থী ওম বিৰলাই জয়লাভ কৰে। ভোটত বিৰোধী প্ৰাৰ্থী কে সুৰেশক পৰাস্ত কৰি তেওঁ অধ্যক্ষ পদলৈ নিৰ্বাচিত হয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাত তেওঁক অভিনন্দন জনায়। বলৰাম জাখৰৰ অভিলেখ স্পৰ্শ কৰি বিজেপিৰ ওম বিৰলাই একেৰাহে দুটা কাৰ্যকালৰ বাবে লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে। সংঘাতৰ পৰিবেশৰ মাজতে নৰেন্দ্ৰ মোডী, সংসদীয় মন্ত্ৰী কিৰেন ৰিজুজু, বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে একেলগে ওম বিৰলাক তেওঁৰ আসনলৈ আগবঢ়াই লৈ যায়।

লগতে পঢ়কঃ গুৱাহাটীৰ সন্ধানহীন ৩ স্কুলীয়া ছাত্ৰীক এনজেপি ষ্টেচনৰ পৰা উদ্ধাৰ কৰিলে অসম আৰক্ষীয়ে

ওম বিৰলাক অভিনন্দন জনাই প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘অধ্যক্ষ হিচাপে ওম বিৰলাৰ কাৰ্যকালৰ বাবেই বহু ঐতিহাসিক বিধেয়ক লোকসভাত গৃহীত হৈছে। বহু গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত হৈছে। আগন্তুক দিনতো তেওঁ দেশৰ উন্নয়নৰ বাবে লোকসভা অধিৱেশন সুচাৰুৰূপে অনুষ্ঠিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰিলোঁ।’

লোকসভাৰ অধ্যক্ষক সম্ভাষণ জনাই ৰাহুল গান্ধীয়ে কয়, ‘সংবিধান অনুসৰি আপুনি নিজৰ কৰ্তব্য পালন কৰিব বুলি আশা কৰিছো। বিৰোধী কণ্ঠৰোধ গণতন্ত্ৰ বিৰোধী। আশাকৰোঁ বিৰোধীক কথা কোৱাৰ সুযোগ দি সংবিধান ৰক্ষা কৰিব।’

লগতে পঢ়কঃ লোকসভাত বিৰোধী দলৰ নেতা হ’ব ৰাহুল গান্ধী, ঘোষণা কংগ্ৰেছৰ

ওম বিৰলাক সম্বোধন কৰি তৃণমূলৰ সাংসদ সুদীপ বেনাৰ্জীয়ে কয়, ‘সংসদত বিৰোধীক কথা ক’বলৈ দিয়া হওক। আপুনি শাসকীয় দলৰ চাপত মূৰ নত কৰিছে। ১৫০ গৰাকী সাংসদক নিলম্বন কৰা হৈছে।‘

ইয়াৰ লগতে সমাজবাটী পাৰ্টিৰ নেতা অখিলেশ যাদৱে অধ্যক্ষক নিৰপেক্ষ ভূমিকা পালন কৰিবলৈ আহ্বান জনায়।