NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

বিজেপিৰ মুখত ছাই! সাহসী কন্ঠৰ অধিকাৰী অৰুন্ধতী ৰয়লৈ পেন পিন্টাৰ বঁটা

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী June 27, 2024 4:30 pm

নাট্যকাৰ হেৰল্ড পিণ্টাৰৰ স্মৃতিত যোগ্য সাহিত্যিকক প্ৰদান কৰা হয় পেন পিন্টাৰ বঁটা।

সাহসী আৰু শক্তিশআলী কন্ঠৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে ভাৰতৰ লেখিকা অৰুন্ধতী ৰয়ক।

উল্লেখ্য যে ১৪ বছৰ পূৰ্বে ৰয়ে আগবঢ়োৱা এটা মন্তব্যৰ বাবে ভাৰত চৰকাৰে সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত ৰয়ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ অনুমোদন জনোৱাৰ কিছুদিন পিছতেই ৰয়লৈ এই বঁটা ঘোষণা কৰা হৈছে।

স্মৰ্তব্য যে অৰুন্ধতী ৰয় বুকাৰ বঁটা বিজয়ী লেখিকা। তেওঁ ভাৰতৰ মানৱ অধিকাৰ বিষয়ৰ লগতে বিশ্বজুৰি যুদ্ধ আৰু পুঁজিবাদৰ বিৰোধিতা কৰি যথেষ্ট ৰচনা লিখিছে।

এই সম্পৰ্কত পেনৰ অধ্যক্ষ ৰুথ বৰ্থউইকে ৰয়ক “বুদ্ধি আৰু সৌন্দৰ্য্যৰ সৈতে অন্যায়ৰ জৰুৰী কাহিনী” কোৱাৰ বাবে প্ৰশংসা কৰে।

বৰ্থউইকে কয় যে ৰয় ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ যদিও তেওঁ সঁচাকৈয়ে এগৰাকী আন্তঃৰাষ্ট্ৰীয়তাবাদী চিন্তাবিদ আৰু তেওঁৰ শক্তিশালী কণ্ঠক নিস্তব্ধ কৰিব নালাগে।

জানিব পৰা মতে অহা ১০ অক্টোবৰত ব্ৰিটিছ লাইব্ৰেৰীৰ সহযোগত আয়োজিত এক অনুষ্ঠানত ৰয়ক পেন পিণ্টাৰ বঁটা প্ৰদান কৰা হ’ব।

ইয়াৰ পূৰ্বে এই বঁটা লাভ কৰা ব্যক্তিসকল হৈছে মাইকেল ৰ’জেন, মেল’ৰী ব্লেকমেন, মাৰ্গাৰেট এটউড, ছলমান ৰাছডি, টম ষ্টপাৰ্ড আৰু কেৰল এন ডাফী।