NORTHEAST NOW (Assamese)
অসম

অমিত শ্বাহ উপস্থিত হোবাৰ পূৰ্বে কলাক্ষেত্ৰৰ পৰা অখিল গগৈসহ শতাধিক প্ৰতিবাদকাৰীক আটক

Posted by: কল্পজ্যোতি শইকীয়া May 20, 2018 11:00 am
WhatsApp

উত্তৰ- পূবৰ কংগ্ৰেছ বিৰোধী মুখ্যমন্ত্ৰীসকলৰ সৈতে এখন বৈঠকত মিলিত হোৱাৰ লগতে সমাগত লোকসভা নিৰ্বাচনৰ সৈতে ৰণকৌশল ৰচনা কৰাৰ লক্ষ্যৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ আজি অসমত উপস্থিত হোৱাৰ পূৰ্বে কৃষক নেতা অখিল গগৈ সহ শতাধিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মীক আটক কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

উল্লেখযোগ্য যে পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ক’লা পতাকা দেখুৱাই নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল। এই প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে মহানগৰীৰৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত কলাক্ষেত্ৰৰ সন্মুখৰ পৰা আৰক্ষীয়ে আটক কৰে কৃষক নেতাজনক।

অখিল গগৈয়ে কৰা অভিযোগ অনুসৰি তেওঁলোকে গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্য্যসূচী চলাই নিছিল যদিও আৰক্ষীয়ে বৰ্বৰতাৰে তেওঁলোকক আটক কৰিছে।

WhatsAppস্মৰ্তব্য যে পূৰ্বতে অগপক অমিত শ্বাহৰ সভালৈ নাযাবলৈ আহ্বান জনাইছিল কৃষক মুক্তিৰ নেতা অখিল গগৈয়ে। গগৈয়ে নেডাৰ সভালৈ নগৈ অগপক নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰোধিতা কৰি দেখুৱাবলৈ আহ্বান জনাইছিল।

জানিব পৰা মতে লোকসভাৰ নিৰ্বাচন সন্দৰ্ভত বিশেষ ৰণকৌশল প্ৰস্তুত কৰাৰ লগতে শ্বাহে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু নেডাৰ নেতা তথা ৰাজ্যৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ সৈতে সুকীয়াকৈ বৈঠকত মিলিত হ’ব। তদুপৰি, শেহতীয়াকৈ অসমত উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভতো সভাপতিগৰাকী আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে বুলি এক সূত্ৰই প্ৰকাশ কৰিছে।

তাৰ পূৰ্বে কৃষক নেতাগৰাকীক গ্ৰেপ্তাৰ কৰাটো যথেষ্ট তাৎপৰ্যপূৰ্ণ।