NORTHEAST NOW (Assamese)
Popular Stories

পৰমাণু বোমাৰ ধাৰণাৰ জন্ম পোৱা আইনষ্টাইনৰ চিঠিখন; আকাশলংঘী দামত বিক্ৰী হ’ব নিলামত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 29, 2024 8:00 am

আঠ দশকৰো অধিক পূৰ্বে লিখা এখন চিঠি। বিক্ৰী হ’ব ৪০ লাখ মাৰ্কিন ডলাৰত! স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হ’ব পাৰে, সেই চিঠিখনৰ বিশেষত্ব কি? আচলতে গোটেই পৃথিৱীৰ ইতিহাসত এনে চিঠি বোধহয় কমেইহে পোৱা যাব যাৰ গৰ্ভত লুকাই আছে পাৰমাণৱিক অস্ত্ৰৰ জন্মকাহিনী!

চিঠিখনৰ প্ৰেৰকজন হৈছে বিশ্ববিখ্যাত বিজ্ঞানী এলবাৰ্ট আইনষ্টাইন। চিঠিখন লাভ কৰা ব্যক্তিজন আছিল তেতিয়াৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডি ৰুজভেল্ট। এই চিঠিখনেই এইবাৰ নিলাম কৰা হ’ব।

এই চিঠিখন ক’ত আছিল? মাইক্ৰ’ছফ্টৰ সহ-প্ৰতিষ্ঠাপক পল এলেনৰ হাতত আছিল এই ‘পত্ৰ বোমা’! ব্ৰিটিছ নিলাম প্ৰতিষ্ঠান ক্ৰীষ্টিজে চিঠিখন নিলাম কৰিব। ১৯৩৯ চনৰ ২ আগষ্টৰ এই পত্ৰখন নূন্যতম ৪০ লাখ মাৰ্কিন ডলাৰত বিক্ৰী হ’ব। ভাৰতীয় মুদ্ৰাত সেইটো ৩৩ কোটি টকাতকৈও অধিক।

সেই চিঠিখনত ঠিক কি আছে? তাত আইনষ্টাইনে আমেৰিকাৰ ৰাষ্ট্ৰপতিক পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ পৰিকল্পনা কৰিবলৈ অনুৰোধ কৰে। কাৰণ তেওঁৰ আশংকা আছিল, সেই মাৰণাস্ত্ৰ হয়তো অতি সোনকালে নাজী জাৰ্মানীৰ ঘাটিলৈ আহিব।

ইতিহাসৰ ওপৰত সামান্য দৃষ্টি ৰখা সকলোৱে জানে যে ৰুজভেল্টে আইনষ্টাইনৰ প্ৰস্তাৱত সন্মতি দিছিল। আৰু তেনেকৈয়ে আৰম্ভ হয় মানহাটান প্ৰজেক্ট। জে ৰবাৰ্ট অপেনহাইমাৰ দায়িত্বত আছিল। কেইবছৰমানৰ ভিতৰতে ইয়াতেই পাৰমাণৱিক বোমা নিৰ্মাণ কৰা হ’ল।

ইয়াৰ পিছত ১৯৪৫ চনৰ আগষ্ট মাহত হিৰোচিমা আৰু নাগাচাকিত আমেৰিকাৰ পাৰমাণৱিক বোমাৰ ভয়ংকৰ প্ৰভাৱ দেখি সমগ্ৰ বিশ্বই স্তম্ভিত হৈ পৰিছিল। পৰৱৰ্তী সময়ৰ পৃথিৱীত যি ৰোপণ কৰিলে সেয়া হৈছে আশংকা আৰু অনাস্থাৰ নতুন বীজ। পৰমাণু বোমা (Atom Bomb) সভ্যতাৰ আটাইতকৈ বিধ্বংসী অস্ত্ৰ হৈ পৰিল!

উল্লেখ্য যে আইনষ্টাইনৰ চিঠি ইয়াৰ পূৰ্বেও বিপুল দামত বিক্ৰী হৈছিল। ২০২১ চনত আপেক্ষিকতাবাদৰ ওপৰত তেওঁৰ এখন চিঠি১ কোটি ৩০ লাখ ডলাৰত বিক্ৰী হৈছিল। ৰুজভেল্টলৈ লিখা চিঠিখন ইমান মূল্যত বিক্ৰী নহ’লেও ই নিশ্চিত যে ইয়াৰ দ্বাৰা পূৰ্বতে তেওঁৰ ঈশ্বৰ আৰু ধৰ্মৰ ওপৰত লিখা পত্ৰখন বিক্ৰী হোৱা ২৮ লাখ ডলাৰৰ অংকক ই সহজেই অতিক্ৰম কৰিব।