NORTHEAST NOW (Assamese)
Popular Stories

উত্তৰ প্ৰদেশ হাথৰছত ধৰ্মীয় অনুষ্ঠানত চৰম বিশৃংখলতা! পদপিষ্ট হৈ মৃত্যু ২৭জনৰ, আহত বহুজন

Posted by: নৰ্থ ইষ্ট নাও অসমীয়া July 2, 2024 5:59 pm

ধৰ্মীয় অনুষ্ঠান হৈ পৰিল মৃত্যুৰ শোভাযাত্ৰা! উত্তৰ প্ৰদেশৰ হাথৰছত পদপিষ্ট হৈ ২৭ জন লোকৰ মৃত্যু হয়। নিহতসকলৰ ভিতৰত এগৰাকী মহিলা আৰু তিনিটা শিশুও আছে। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

মঙলবাৰে হাথৰছত অনুষ্ঠিত হোৱা ‘সৎসংগ’ অনুষ্ঠানৰ অন্ত পৰিল আৰু হুলস্থুল আৰম্ভ হ’ল। তেতিয়াই দুৰ্ঘটনাটো সংঘটিত হয়। ৰাইজৰ হেঁচাত বহু লোকে একো উপলব্ধি কৰাৰ আগতেই প্ৰাণ হেৰুৱাইছিল। স্থানীয় প্ৰশাসনে আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে।

মুখ্য চিকিৎসা বিষয়া ৰাজকুমাৰ আগৰৱালাই জানিবলৈ দিয়া মতে ঘটনাস্থলীৰ পৰা এই পৰ্যন্ত ২৭ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। আহত কেইবাজনো লোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।