NORTHEAST NOW (Assamese)
Popular Stories

ঘৰৰ ইচ্ছাৰ বিপৰীতে বিয়া হোৱাৰ বাবে যুৱতীক অপহৰণ কৰি জ্বলাই হত্যা পৰিয়ালৰ

Posted by: নৰ্থ ইষ্ট নাও অসমীয়া Updated by: নৰ্থ ইষ্ট নাও অসমীয়া July 5, 2024 8:59 pm

এবছৰ আগতে পলাই গৈ পৰিয়ালৰ বিৰুদ্ধে বিয়া পাতিছিল তেওঁ। কিন্তু যুৱতীগৰাকীয়ে কল্পনা কৰিব পৰা নাছিল যে সেই কামৰৰ বাবে তেওঁ এনে ‘শাস্তি’ পাব ।শেহতীয়াকৈ যুৱতীগৰাকীক পৰিয়ালৰ লোকৰ বিৰুদ্ধে অপহৰণ কৰি জীৱন্তে জ্বলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে। ৰাজস্থানৰ ঝলৱাৰত সংঘটিত হৈছে এই নৃশংস ঘটনা।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে,যুৱতীগৰাকীয়ে নিজৰ পছন্দৰ পুৰুষক বিয়া কৰাই পৰিয়ালটোৰ সন্মান ক্ষতিগ্ৰস্ত হোৱা বুলি দাবী কৰি পৰিয়ালৰ লোকে অপহৰণ কৰি জ্বলাই হত্যা কৰে।

২৪ বছৰীয়া যুৱতীগৰাকীয়ে প্ৰায় এবছৰ পূৰ্বে ৰবি ভীল নামৰ এজন যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। তেওঁৰ পৰিয়ালে একো মানি ল’ব পৰা নাছিল। বিয়াৰ পাছত ছোৱালীজনীয়ে স্বামীৰ লগত ভাল সময় পাৰ কৰি আছিল। কিন্তু দেউতাকৰ ঘৰৰ ভয়ত সি পলাই বিভিন্ন ঠাইত লুকাই থাকিব লগা হৈছিল। শেহতীয়াকৈ ছোৱালীজনীৰ পৰিয়ালে তথ্য লাভ কৰিছিল যে দম্পতীহালে মধ্যপ্ৰদেশৰ এখন গাঁৱত আশ্ৰয় লৈছে। তাতে বেংক এৰি যোৱাৰ সময়তে তেওঁক অপহৰণ কৰা বুলি অভিযোগ উঠিছে।

উপ-আৰক্ষী অধীক্ষক জয় প্ৰকাশ অটলে জনোৱা মতে, গাঁওখনৰ চিচিটিভি ফুটেজত দেখা গৈছে যে যুৱতীগৰাকীক ধন উলিয়াওঁতে হঠাতে পিছফালৰ পৰা অপহৰণ কৰা হয়। একো গম পোৱাৰ আগতেই তেওঁক এখন গাড়ীত উঠাই দিয়া হ’ল। সেই সময়ত যুৱতীগৰাকীৰ গিৰিয়েক ওচৰতে আছিল। তেওঁক ৰখাবলৈ চেষ্টা কৰিও আহত হয়। চিঞৰি চিঞৰি যুৱতীগৰাকীয়ে স্বামীক আৰক্ষীক খবৰ দিবলৈ কয়। ইয়াৰ পাছতে ৰৱিৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে।

ইফালে আৰক্ষীয়ে কিশোৰীগৰাকীক বিচাৰি পোৱাৰ সময়লৈকে পৰিয়ালৰ লোকে জ্বলাই হত্যা কৰিছিল। ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বে ছোৱালীজনীৰ ৮০ শতাংশ মৃতদেহ জ্বলি যায়। ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছে পৰিয়ালৰ লোক। অভিযুক্তক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। যুৱতীগৰাকীৰ মৃতদেহৰ জ্বলি যোৱা অংশসমূহ ফৰেনছিক তদন্তৰ বাবে প্ৰেৰণ কৰা হৈছে।