NORTHEAST NOW (Assamese)
অসম

চেন্নাইত অনুষ্ঠিত ৰাষ্ট্ৰীয় কুংফুত উজলিল অসমৰ ৬ সন্তান

Posted by: এন ই নাও নিউজ May 20, 2018 3:47 pm
maxresdefault

আকৌ এবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াত উজলি উঠিল অসৰ ৬ সন্তান। ৰাষ্ট্ৰীয় কুংফু প্ৰতিযোগিতাত ৫ টা সোণ আৰু ১ টা ৰূপৰ পদকেৰে ৬ অসম সন্তানে ৰাজ্যখনলৈ কঢ়িয়াই আনিলে সাফল্য। চেন্নাইত অনুষ্ঠিত ৰাষ্ট্ৰীয় কুংফু প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰি এই সাফল্য লাভ কৰে দলটোৱে।

অসম কন্যা হাছিনা বেগম, আন্দ্ৰিয় মহন্ত, সুবাসনা শৰ্মা, ৰঞ্জনা ৰজক, দূত্যনা বাৎস’ আৰু আয়ান তেৰাঙে চেন্নাইৰ কৈলাশ গাৰ্ডেনত  ১৮, ১৯ আৰু ২০ মে’ত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় কুংফু প্ৰতিযোগিতাত এই সফলতা অৰ্জন কৰে।

অসমৰ মুখ্য প্ৰশিক্ষক তথা বিশিষ্ট সমৰকলাবিদ লিয়ন চিফু ৰাজকুমাৰৰ প্ৰচেষ্টাত হাচিনা বেগম, আন্দ্ৰিয় মহন্ত, সুবাসনা শৰ্মা, ৰঞ্জনা ৰজক, দুত্যনা বাৎসাই বিভিন্ন শিতানত অংশগ্ৰহণ কৰি স্বৰ্ণ পদক লাভ কৰাৰ লগতে আয়ন তেৰাঙে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হোৱাত উৎফুল্লিত হৈ পৰিছে অসমৰ ক্ৰীড়াপ্ৰেমী।

উল্লেখ্য যে, অহা ৫ জুনৰ পৰা নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত হ’বলগীয়া প্ৰথম চাউথ এছিয়ান গেমছ- ২০১৮ ত ভাৰতৰ হৈ হাচিনা বেগম, আন্দ্ৰিয় মহন্ত, সুবাসনা শৰ্মা, জাৰ্নেলিম কলিতা আৰু মনিকা গগৈক সৰ্বভাৰতীয় কুংফু সংস্থাই বাচনি কৰিছে বুলি মুখ্য প্ৰশিক্ষক লিয়ন চিফু ৰাজকুমাৰে জানিবলৈ দিছে।