NORTHEAST NOW (Assamese)
অসম

হিট এণ্ড ৰানৰ ঘটনাত একশ্যনত আৰক্ষী! শিৱসেনা নেতাৰ পুত্ৰৰ বিৰুদ্ধে ‘লুক আউট নটিচ জাৰি’

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 8, 2024 2:58 pm

পুনেৰ ঘটনাৰ পুনৰাবৃত্তি এইবাৰ মুম্বাইত! বনেটত ওলমি মহিলাগৰাকী, হুৰমুৰাই চোঁচৰাই লৈ গ’ল চালকে! মহিলাৰ মৃত্যুত উত্তাল মহাৰাষ্ট্ৰ।

একনাথ শিণ্ডেৰ নেতৃত্বৰ শিৱসেনা নেতাৰ পুত্ৰ মিহিৰ শ্বাহৰ নাম এই ঘটনাৰ লগত জড়িত। এই ঘটনাত মুম্বাই আৰক্ষীয়ে ‘একশ্যন’ত নামিছে। শিৱসেনা নেতাৰ পুত্ৰ মিহিৰ শ্বাহৰ বিৰুদ্ধে জাৰি কৰা হৈছে লুক আউট নটিচ।

পিছফালৰ পৰা বিএমডব্লিউ গাড়ী এখনে এহাল দম্পতীৰ স্কুটিত খুন্দা মাৰে। ঘটনাৰ ফলত মহিলাগৰাকীৰ মৃত্যু হয়। দেওবাৰে পুৱা প্ৰায় ৫:৩০ বজাত সংঘটিত হৈছিল এই ঘটনা।

ওৱাৰ্লীৰ এই ঘটনাই পুনেৰ কল্যাণীনগৰৰ ‘হিট এণ্ড ৰান’ কাণ্ডক মনত পেলাই দিছে। এই সন্দৰ্ভত আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনায় যে ইতিমধ্যে মিহিৰৰ বিৰুদ্ধে লুক আউট নটিচ জাৰি কৰা হৈছে। গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ তেওঁ  দেশ এৰি পলায়ন কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

এই গোচৰৰ অভিযুক্ত মিহিৰ শ্বাহৰ পিতৃ ৰাজেশ শ্বাহ আৰু গাড়ীৰ চালকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। মিহিৰৰ বান্ধৱীৰো জেৰা অব্যাহত আছে। অৱশ্যে এতিয়াও পলাতক হৈ আছে মিহিৰ।