NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

ৰাজ আতিথ্য : মংগোলীয়াত উপস্থিত ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুক আৰু ৰাণী গিয়াল্টছুয়েন জেটছুন পেমা ৱাংচুক

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী July 9, 2024 3:33 pm

মঙলবাৰে মংগোলীয়াত উপস্থিত হয় ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুক আৰু ৰাণী গিয়াল্টছুয়েন জেটছুন পেমা ৱাংচুক। মংগোলীয়াৰ আমন্ত্ৰণক্ৰমে এই ভ্ৰমণ কাৰ্যসূচী গ্ৰহণ কৰে ভূটানৰ ৰাজ পৰিয়ালে।

উপস্থিত হোৱা লগে লগেই ৰাজ পৰিয়ালটিক চেংগিছ খাঁ আন্তজাৰ্তিক বিমান বন্দৰত সম্ভাষণ জনাই মংগোলিয়াৰ বৈদেশিক মন্ত্ৰী বাট্চেচেগ বাটমুংখ, ভূটানৰ মংগোলিয়াৰ ৰাষ্ট্ৰদূত গনবল্ড ডাম্বাজাভ, মংগোলিয়াৰ ভূটান ৰাষ্ট্ৰদূত ভেটছপ নামগিয়েল আৰু অন্যান্য বিষয়াসকলে।

জানিব পৰা মতে, ভূটানৰ ৰজা জিগমে খেছাৰ নামগয়েল ৱাংচুকৰ মংগোলিয়া ভ্ৰমণৰ সময়ত দুয়োখন দেশৰ ৰাষ্ট্ৰপ্ৰধান আনুষ্ঠানিক বৈঠকত মিলিত হ’ব আৰু মংগোলিয়া-ভূটানৰ সম্পৰ্ক, সহযোগিতা, আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক ক্ষেত্ৰত সহযোগিতাৰ বিষয়সমূহৰ সম্প্ৰসাৰণৰ বাবে মত বিনিময় কৰিব। তদুপৰি দ্বিপাক্ষিক সম্পৰ্কৰ আইনী ভিত্তি সুদৃঢ় কৰাৰ বাবে দুয়োপক্ষই সহযোগিতাৰ নথি-পত্ৰত স্বাক্ষৰ কৰিব।

লগতে ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকে পৰিয়ালৰ সৈতে ৰাষ্ট্ৰীয় নাদাম মহোৎসৱৰ মুকলি অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব।

লগতে ভূটানৰ ৰজাই মংগোলিয়াৰ চেংগিজ খাঁ ৰাষ্ট্ৰীয় সংগ্ৰহালয় আৰু মংগোলিয়াৰ বগডো খান পেলেচ সংগ্ৰহালয় পৰিদৰ্শন কৰি মংগোলিয়াৰ ইতিহাস, সংস্কৃতি, পৰম্পৰাৰ সৈতে পৰিচিত হ’ব।

লগতে ভূটান লেণ্ডলকড ডেভেলপিং কান্ট্ৰীৰ আন্তঃৰাষ্ট্ৰীয় থিংক টেংকৰ সদস্য হোৱাৰ বাবে জিগমে খেছাৰ নামগিয়েল ৱাংচুকে উলানবাটাৰ চহৰৰ আন্তঃৰাষ্ট্ৰীয় থিংক টেংক ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে।