NORTHEAST NOW (Assamese)
বিজ্ঞান-প্ৰযুক্তি

সন্ধানত ওলাল পৃথিৱীতকৈ ডেৰ গুণ ডাঙৰ নাতিশীতোষ্ণ গ্ৰহৰ : থাকিব পাৰে পানী আৰু বৰফ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী July 10, 2024 3:11 pm

জ্যোতিৰ্বিজ্ঞানীসকলে সৌৰজগতৰ বাহিৰত পৃথিৱীতকৈ ১.৭ গুণ ডাঙৰ গ্ৰহ বিচাৰি পোৱা বুলি দাবী কৰিছে। ‘এল এইচ এছ ১১৪০ বি’ নামৰ এই গ্ৰহটোত সাগৰ বা ডাৱৰীয়া বায়ুমণ্ডল থকাৰ লগতে বৰফ আৰু পানীও আছে বুলি ঠাৱৰ কৰিছে বিজ্ঞানী সকলে।

জ্যোতিৰ্বিজ্ঞানীসকলে এই গ্ৰহটোক ছুপাৰ-আৰ্থ হিচাপে চিনাক্ত কৰিছে। বিজ্ঞানী সকলে জনোৱা মতে ইয়াৰ অৱস্থান সৌৰজগতৰ বাহিৰত। গ্ৰহটো পৃথিৱীৰ পৰা প্ৰায় ৪৮ আলোকবৰ্ষ দূৰত চেটাছ নক্ষত্ৰমণ্ডলত অৱস্থিত।

কানাডাৰ ইউনিভাৰ্চিটি ডি মণ্ট্ৰিয়েলৰ জ্যোতিৰ্বিজ্ঞানীসকলে প্ৰকাশ কৰা অনুসৰি নতুন গ্ৰহটোত গেছীয় হাইড্ৰজেন সমৃদ্ধ বায়ুমণ্ডল থকাৰ সম্ভাৱনা আছে।

লগতে এই গ্ৰহটোৰ বিষয়ে বিভিন্ন তথ্য Astrophysical Journal Letters ত প্ৰকাশ পাইছে।

নাছাৰ বিজ্ঞানী ৰিয়ান মেকড’নাল্ডে কয় যে গ্ৰহটোত বসবাসযোগ্য পৰিৱেশন থকাৰ আভাস পোৱা গৈছে। জেমছ ৱেব টেলিস্কোপৰ দ্বাৰা ইয়াৰ বায়ুমণ্ডল ধৰা পেলাবলৈ চেষ্টা চলাই থকা হৈছে।