NORTHEAST NOW (Assamese)
Popular Stories

ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে দুৰ্নীতিৰ অভিযুক্তৰ তালিকাত ৰাজনৈতিক দলৰ নাম; আপৰ বিৰুদ্ধে ৪৫কোটি টকা লোৱাৰ অভিযোগ ইডিৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 10, 2024 6:05 pm

দিল্লী সুৰা গোচৰত ৰাজধানী ৰাউজ এভিনিউ আদালতত বলবৎকাৰী সঞ্চালকালয় বা ইডিয়ে সম্পূৰ্ণ চাৰ্জশ্বীট দাখিল কৰিছে। অৰবিন্দ কেজৰিৱাল আৰু আম আদমি পাৰ্টীৰ নাম ক্ৰমে ৩৭ আৰু ৩৮ নম্বৰ অভিযুক্ত হিচাপে উল্লেখ কৰা হৈছে। ভাৰতত দুৰ্নীতিৰ গোচৰত কোনো ৰাজনৈতিক দলৰ বিৰুদ্ধে অভিযোগ উত্থাপন হোৱাৰ নজিৰ নাই। ৰাজনৈতিক দলৰ পুঁজিত উৎকোচৰ ধন জমা হোৱা সন্দৰ্ভত আদালতত অভিযোগনামা দাখিল কৰা হৈছে।

২০২২ চনৰ গোৱা বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টীয়ে ২৫ কোটি টকা ব্যয় কৰিছিল বুলি অভিযোগনামাত ইডিয়ে প্ৰকাশ কৰিছে। ইডিৰ দাবী, দলৰ উচ্চপদস্থ কেজৰিৱালৰ সন্মতি সাপেক্ষে সকলো কাম কৰা হৈছে।

কেন্দ্রীয় সংস্থাটোৱে অভিযোগনামাত বিভিন্ন তথ্যসহ দাবী কৰিছিল যে দিল্লীৰ মুখ্যমন্ত্রীয়েই এই সমগ্র দুর্নীতিৰ মাষ্টাৰমাইণ্ড৷ প্ৰবীণ সুৰা ব্যৱসায়ী বিজয় নায়াৰৰ পৰামৰ্শ মতেই সৃষ্টি কৰা হৈছিল সুৰা নীতি। কেজৰিৱালৰ সৈতেও নিয়মীয়া সংস্পৰ্শত আছিল ব্যৱসায়ীগৰাকী।

এই গোচৰৰ অভিযুক্ত দুজন দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়া বৰ্তমান তিহাৰ কাৰাগাৰত আছে। আন এটা তদন্তকাৰী সংস্থা চিবিআইয়েও গ্ৰেপ্তাৰ কৰিছে কেজৰিৱালক। বুধবাৰে ইডিয়ে অভিযোগনামা দাখিল কৰাৰ পাছতে দিল্লীৰ মুখ্যমন্ত্ৰীৰ মুক্তি অধিক কঠিন হৈ পৰা বুলি অনুমান কৰা হৈছে।