NORTHEAST NOW (Assamese)
অসম

নিজম পৰিল নামৰূপৰ কছাৰী পথাৰ; ৰঙালী বৈশাগু উৎসৱৰ সামৰণি

Posted by: অক্ষয় প্ৰণৱ কলিতা May 20, 2018 9:24 pm
namrup boishagu

নামৰূপ ( Namrup )ৰ কছাৰী পথাৰত আজি ২০ মে’ত সামৰণি পৰে দ্বিবাৰ্ষিক ৰঙালী বৈশাগুৰ। ডিব্ৰুগড় জিলা ৰঙালী বৈশাগু সমিতিয়ে এইবাৰ দ্বিতীয়বাৰৰ বাবে এই উৎসৱটো আয়োজন কৰিছিল।

নামৰূপৰ দিল্লীস্থিত বন কাৰ্য্যালয়ৰ বিষয়া প্ৰণৱ কলিতাই বৃক্ষৰোপনেৰে কাৰ্য্যসূচীটোৰ শুভাৰম্ভ কৰে। কছাৰী পথাৰত ব্যাপক উৎসাহেৰে সমবেত হয় নামৰূপৰ শ শ ৰাইজ।

মুখ্য অতিথিৰ ভাষণত বি টি চিৰ কাৰ্য্যবাহী সদস্য লমশ্ৰাউ দৈমাৰীয়ে কয় ‘বড়োসকলৰ নিজা বৈশিষ্ট্যসমৃদ্ধ নাচ, গান আৰু সাজ-পাৰ আছে। প্ৰতি জনগোষ্ঠীৰ লোকেই নিজৰ নিজৰ সংস্কৃতি চিনি পাব লাগে। কোনোবাই নিজৰ সংস্কৃতিৰ বিষয়ে নজনাটো সদায় লাজৰ কথা।’

অনুষ্ঠানটোত ওদালগুৰি বাথৌ মহাসভাৰ জিলা সম্পাদক চলেন দৈমাৰীয়ে ‘বৰদৈ চিখলা’ নামৰ স্মৃতিগ্ৰন্থখন উন্মোচন কৰে।