NORTHEAST NOW (Assamese)
Popular Stories

শৃংখলাৰ অন্তিম মেচত ৪২ ৰাণত জিম্বাব’ৱেৰ বিৰুদ্ধে ভাৰতৰ জয়! ৪-১ৰে শৃংখলা দখল ভাৰতৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 14, 2024 8:41 pm

ভাৰতীয় ক্ৰিকেটত জিম্বাব’ৱেৰ বিৰুদ্ধে ভাৰতৰ টি-২০ শৃংখলাৰ বিশেষ গুৰুত্ব নাছিল। কিন্তু এনে শৃংখলাৰ প্ৰথমখন মেচত ভাৰতে পৰাস্ত হোৱাৰ লগে লগে হঠাৎ শুভমন গীল বাহিনী কেন্দ্ৰবিন্দুলৈ আহিল। প্ৰথম পৰাজয়ৰ পাছত একেৰাহে চাৰিখন মেচত জয়লাভ কৰি ভাৰতে ছিৰিজ জয়লাভ কৰে।শেষৰ মেচখনত শুভমনে ৪২ ৰাণত জয়লাভ কৰে।

দেওবাৰৰ খেলখনত ভাৰতে প্ৰথম বেটিং কৰে। ৪০ ৰানত ৩ উইকেট হেৰুৱাই ভাৰতে। অভিষেক শৰ্মা (১৪) আৰু শুভমন গীল (১৩) কম ৰাণেৰে আউট হয়। তাৰ পৰাই সঞ্জু চেমচন আৰু ৰিয়ান পৰাগে ভাৰতৰ হৈ ইনিংছ গঢ়িবলৈ আৰম্ভ কৰে। দুয়োজনে একেলগে ৬৫ ৰাণ সংযোগ কৰিছিল। সেইটোৱেই ভাৰতক মেচখনৰ বাবে শক্তিশালী কৰি তুলিছিল। পৰাগক ২২ ৰাণত আউট হৈছিল যদিও সঞ্জুৱে ৫৮ ৰাণ সংগ্ৰহ কৰে। শেষৰ অভাৰত ১২টা বলত শিৱম ডুবেৰ ২৬ ৰাণ সংগ্ৰহ কৰি ভাৰতে ১৬৭ ৰাণৰ লক্ষ্য বান্ধি দিয়ে।

এই লক্ষ্য আগত লৈ জিম্বাব’ৱেই ১২৫ ৰাণতে অলআউট হয়৷মুকেশ কুমাৰে ৪টা,তুষাৰ দেশপাণ্ডেই ১টা,শিৱম ডুবেই ২টা,অভিষেক শৰ্মাই ১ টা আৰু ৱাশ্বিংটন সুন্দৰে ১টা উইকেট দখল কৰে৷জিম্বাবুৱেৰ হৈ ডিয়েন মায়েৰ্ছে সৰ্বাধিক ৩৪ ৰাণ সংগ্ৰহ কৰে৷