NORTHEAST NOW (Assamese)
অসম

নগাঁও আৰক্ষীয়ে গুৱাহাটীত ছুপাৰ বাছৰ পৰা গ্ৰেপ্তাৰ কৰিলে চাৰিজন মণিপুৰী চোৰাং চিকাৰীক

Posted by: এন ই নাও নিউজ May 20, 2018 9:38 pm
fe5ff24d-b7cc-4fca-b12b-19ebc1f35990

এটা গোপন সূত্ৰৰ পম খেদি আজি নগাঁও আৰক্ষীয়ে চাৰিজনকৈ চোৰাং চিকাৰীক ধৰি বৃহৎ সাফল্য লাভ কৰিছে। উল্লেখ্য যে নগাঁও জিলা আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায়মেধিৰ নেতৃত্বত যোৱা জখলাবন্ধা আৰু নগাঁও আৰক্ষীৰ দলটোৱে গুৱহাটীৰ আই এছ বি টি-ৰ পৰা মণিপুৰ অভিমুখী এ এচ ০১ ডিডি ৯৫৯৬ নম্বৰৰ ছুপাৰ বাছত অভিযান চলাই তিনিজন চোৰাং চিকাৰী আৰু গুৱাহাটীত চোৰাং চিকাৰী কেইজনক আশ্ৰয় দিয়া এজনৰ সৈতে মুঠ চাৰিজনক গঁড় হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।00c0b55f-4ae8-4625-9747-f4d82b8c56c0

যোৰাবাট আৰক্ষী থানাৰ সন্মুখৰ পৰা গ্ৰেপ্তাৰ হোৱা চোৰাং চিকাৰীকেইজন মণিপুৰ চুৰচানপুৰ জিলাৰ ক্ৰমে বুকপী গাঁৱৰ জেমচ্ লিয়ানখান মুং(২৪) আৰু জেমচ্ লোন(৩০), নিউ লামকা গাঁৱৰ বিয়াকলাল(২৫) বুলি চিনাক্ত কৰা হৈছে। আনহাতে তিনিওজন চোৰাং চিকাৰীক গুৱাহাটীত আশ্ৰয় দিয়া লিয়ানখান চুৱাং(৪৬)কো গ্ৰেপ্তাৰ কৰে অভিযানকাৰী দলটোৱে।

আনহাতে আৰক্ষীয়ে চোৰাং চিকাৰীকেইজনৰ পৰা দুটা AK 47 আৰু ৩০০ জাঁই সক্ৰিয় গুলী জব্দ কৰিবলৈ সক্ষম হয়।

 

উল্লেখ্য যে যোৱা ১১ মে’ত কাজিৰঙাৰ বুঢ়াপাহাৰত গঁড় হত্যা কৰি খড়্গ কাটি লৈ যোৱা ঘটনাত জড়িত আছিল মণিপুৰৰ এই চোৰাং চিকাৰীৰ দলটো।

মন কৰিবলগীয়া যে চোৰাং চিকাৰীকেইজনক গুৱাহাটীত আশ্ৰয় দিয়া লিয়ানখান চুৱাং ভাৰতীয় সেনাবাহিনীৰ আৰ টি ৰেজিমেণ্টৰ অৱসৰপ্ৰাপ্ত জোৱান। ২০১৬ চনৰ ফ্ৰেব্ৰুৱাৰী মাহত অৱসৰ গ্ৰহণ কৰি গুৱাহাটীৰ নাৰেঙ্গীৰ সাতগাঁৱত ভাৰাঘৰত তেওঁ পৰিয়ালসহ বসবাস কৰিছিল।

আনহাতে চোৰাং চিকাৰীৰ দলটোৰ দুটা চিকাৰীয়ে আৰক্ষীৰ চকুত ধূলি দি খড়্গটো লৈ পলায়ন কৰিবলৈ সক্ষম হয়। পলায়ন কৰা চিকাৰীকেইটাৰ বিৰুদ্ধে বৰ্তমান নগাঁও তথা জখলাবন্ধা আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তোলা বুলি জানিব পৰা গৈছে।