NORTHEAST NOW (Assamese)
অসম

ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক আৰু মানসিক উত্তৰণৰ উদ্দেশ্যে বিশ্বনাথত অঃ জাঃ যুঃ ছাঃ পৰিষদৰ বক্তৃতানুষ্ঠান

Posted by: কাজি জেইদুল ইছলাম May 20, 2018 10:09 pm
AJYCP Biswanath

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত বিশ্বনাথ মহাবিদ্যালয় প্ৰেক্ষাগৃহত আজি অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক আৰু মানসিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি এক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়।

উক্ত বক্তৃতানুষ্ঠানত ভবিষ্যৎ প্ৰজন্মই যাতে বিভিন্ন প্ৰতিযোগিতামুলক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ নিজকে প্ৰস্তুত কৰি গঢ়ি তোলাৰ লগতে তেওঁলোকৰ ভবিষ্যতৰ কেৰিয়াৰ সম্পৰ্কীয় বিভিন্ন দিশক সামৰি লোৱা হয়।

জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ জিলা সমিতিৰ সভাপতি কমলজিৎ দত্তই সভাপতিত্ব কৰা এই সভাৰ আঁত ধৰে ভাঃ সাধাৰণ সম্পাদক বিশ্বজিৎ দাসে।

বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মৃণাল কুমাৰ বৰাই উদ্বোধন কৰা বক্তৃতা অনুষ্ঠানটিত বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ ডীন ৰনেন্দ্ৰ নাথ বৰ্মন, গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেন্ট এণ্ড টেকনলজি গুৱাহাটীৰ যান্ত্ৰিক অভিযান্ত্রিক বিভাগৰ সহকাৰী অধ্যাপক ড০ বুলজিৎ বুঢ়াগোহাঁই,  তৰুণ চন্দ্ৰ ভট্টাচাৰ্য কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ নয়ন জ্যোতি খাউন্ডকে ধৰি বিশিষ্ট ব্যক্তি সকলে বিভিন্ন দিশ সামৰি বক্তব্য প্ৰদান কৰে।

বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰবক্তা বাবুল বৰা, তাৰানাথ মহন্ত, অঃ জাঃ যুঃ ছাঃ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সহকাৰী সম্পাদক জিতু শৰ্মা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক মন্টু বৰুৱা, বিশ্বনাথ জিলা সমিতিৰ উপদেষ্টা প্ৰতাপ শৰ্মা, মলয় ৰঞ্জন মহন্ত, নাচিৰ আহমেদ, উপ-সভাপতি দেবব্ৰত মেধি, অভিজিৎ বৰুৱা, সাধাৰণ সম্পাদক অমৰ জ্যোতি বৰা, সাংগঠনিক সম্পাদক পিয়ান্কু ডেকা, বিত্ত সম্পাদক দিগন্ত বৰুৱা, প্ৰচাৰ সম্পাদক দিগন্ত মিত্ৰ, আঞ্চলিক সমিতিৰ উপদেষ্টা  নিহাৰ শইকীয়া, যতিন বৰা সভাপতি ঈশান প্রতিম শইকীয়া আদি উক্ত সভাত উপস্থিত থাকে।