NORTHEAST NOW (Assamese)
Popular Stories

মুখত মাস্ক নমৰাকৈয়ে অনন্ত-ৰাধিকাৰ বিবাহ অভ্যৰ্থনাত কোভিড আক্ৰান্ত অক্ষয় কুমাৰ; নেটিজেনৰ প্ৰশ্ন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 16, 2024 5:47 pm

অক্ষয় কুমাৰ আম্বানী পৰিয়ালৰ অতি ঘনিষ্ঠ। তেওঁলোকৰ ঘৰৰ যিকোনো অনুষ্ঠানতে তেওঁক দেখা পোৱা যায়। কিন্তু ১২ জুলাইত অনন্ত-ৰাধিকাৰ বিবাহৰ দিনটোত উপস্থিত থাকিব নোৱাৰিলে অভিনেতাগৰাকী। কাৰণ, শুকুৰবাৰে পুৱা অক্ষয় কৰ’নাত আক্ৰান্ত হোৱাৰ খবৰ আহিছিল।

কিন্তু দুদিনমান পাছত অক্ষয়ক অনন্ত-ৰাধিকাৰ অভ্যৰ্থনাত সপত্নীক দেখা গ’ল৷ এই দৃশ্য দেখি নেটিজেনসকলে অক্ষয়ক ঠাট্টা কৰিবলৈ আৰম্ভ কৰিলে।

অক্ষয়ে পিন্ধিছিল বগা শ্বেৰৱানী, পত্নী টুইংকল খান্নাই পিন্ধিছিল বগা চালৱাৰ কামিজ। কোভিড ধৰা পৰাৰ মাত্ৰ তিনিদিন পাছতেই অভিনেতাজনক বিয়াত দেখি কোনো নেটিজেনে লিখিলে, “তেওঁ ইমান সোনকালে ভাল হৈ গ’ল! তেওঁৰ ক’ৰ’না নাছিল নেকি?”

অৱশ্যে অক্ষয় ক’ৰ’নাত আক্ৰান্ত হোৱা সন্দৰ্ভত এতিয়ালৈকে অভিনেতাগৰাকীয়ে কোনো বক্তব্য দিয়া নাই। গতিকে ‘খিলাড়ী’ কুদাৰ সচাঁকৈ বেমাৰৰ কাৰণে বিয়ালৈ নাহিল নে আন কিবা কাৰণ সেই কথাত নেটিজেন বিভ্ৰান্ত হৈ থাকিল।