NORTHEAST NOW (Assamese)
Popular Stories

ডিব্ৰুগড় জিমখানা ক্লাবৰ মেনেজাৰক মৃত অৱস্থাত উদ্ধাৰ; হত্যাকাণ্ডৰ সন্দেহ পৰিয়ালৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 18, 2024 2:10 pm

উজনি অসমৰ ডিব্ৰুগড় জিমখানা ক্লাৱৰ মেনেজাৰজনক সন্দেহজনকভাৱে মৃত অৱস্থাত উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে।

মৃত লোকজন ডিব্ৰুগড় জিমখানা ক্লাৱৰ মেনেজাৰ ভীম ৰাজ্জাক বুলি জানিব পৰা গৈছে।

বুধবাৰে নিশা ক্লাবৰ চৌহদৰ ভিতৰত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় ৰাজ্জাকৰ মৃতদেহ।

প্ৰথম অৱস্থাত আত্মহত্যাৰ সন্দেহ কৰা গোচৰ বুলি দাবী কৰা হৈছিল যদিও তেওঁৰ পৰিয়ালে এই সম্ভাৱনা মানি ল’বলৈ অস্বীকাৰ কৰিছে।

ৰাজ্জাকৰ ভাতৃয়ে দাবী কৰে যে আৰ্থিক মতানৈক্যৰ বাবে ক্লাবৰ এজন সদস্যই তেওঁক হাৰাশাস্তি কৰিছিল আৰু পৰিয়ালটোৱে এই বিবাদ আৰু মৃত্যুৰ মাজত কোনো সম্পৰ্ক থকাৰ সন্দেহ প্ৰকাশ কৰিছে।

মৃতদেহটো আৱিষ্কাৰ হোৱাৰ লগে লগে বৃহৎ জনসমাগম হয়, যাৰ ফলত শৃংখলা বজাই ৰাখিবলৈ আৰক্ষীয়ে হস্তক্ষেপ কৰে।আৰক্ষীয়ে বৰ্তমানেও তদন্ত অব্যাহত ৰাখিছে৷