NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াত উচ্চতম ন্যায়ালয়ৰ অজ্ঞাতে প্ৰতীক হাজেলাই নিজে একো সিদ্ধান্ত ল’ব নোৱাৰে : ৰিপুণ বৰা

Posted by: কল্পজ্যোতি শইকীয়া May 20, 2018 11:50 pm
APCC_Hajela

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াত প্ৰতীক হাজেলাই উচ্চতম ন্যায়ালয়ৰ অজ্ঞাতে নিজাববীয়াকৈ কিছুমান সিদ্ধান্ত লোৱাৰ গুৰুতৰ অভিযোগ তুলি আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত যোৱা সঁজাতী দলে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰে।

“ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াত প্ৰতীক হাজেলাই নিজাববীয়াকৈ কোনো নিৰ্দেশনা দিব নোৱাৰে। কাৰণ সম্পূৰ্ণ প্ৰক্ৰিয়াটো উচ্চতম ন্যায়ালয়ৰ তদাৰকীত চলি আছে। কেৱল প্ৰতীক হাজেলাই নহয়, মুখ্য মন্ত্ৰীয়েও এইক্ষেত্ৰত অকলে একো নিৰ্দেশনা দিব নোৱাৰে।” স্মাৰক পত্ৰ প্ৰদান কৰি আহি সংবাদ মাধ্যমৰ সন্মুখত এনেদৰে ৰিপুণ বৰাই মন্তব্য প্ৰকাশ কৰে।

“উচ্চতম ন্যায়ালয়ে নাগৰিকত্ব আইন ১৯৫৫-ৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে” বুলি মত প্ৰকাশ কৰি ৰিপুণ বৰাই লগতে কয় যে শেহতীয়াভাৱে ২০১৭ চনৰ ১৬ অক্টোবৰত এটা নতুন নিৰ্দেশনা দিয়া হৈছিল। সেই নিৰ্দেশনাত কোৱা হৈছিল যে যিবিলাক সন্দেহজনক ভোটাৰ আৰু যিসকলক ট্ৰিবিউনেলে বিদেশী বুলি ঘোষণা কৰিছে, তেওঁলোকৰ সতি-সন্ততিৰ নাম নাগৰিকত্ব আইন, ১৯৫৫ ৰ ৩ নং ধাৰা অনুসৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত সোমাব।

আনহাতে, ২০১৭ চনৰ ২ মে’ৰ দিনা গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা গোচৰত এগৰাকী মহিলাক বিদেশী ন্যায়াধিকৰণৰ জৰিয়তে বিদেশী বুলি ঘোষণা কৰিছে বুলি উল্লেখ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিগৰাকীয়ে।

সংবাদ মাধ্যমত ৰিপুণ বৰাই মহিলাগৰাকীৰ নামটো প্ৰকাশ নকৰিলে যদিও এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে বিদেশী ঘোষিত মহিলাগৰাকীৰ নাম আখতাৰা খাতুন আৰু তেওঁৰ নামত ডব্লিউ পি চি ৩৬০/২০১৭ ধাৰাত এটা গোচৰ ৰুজু হৈছিল।

তাৰ পাছতে মহিলাগৰাকীয়ে উচ্চ ন্যায়ালয়ত আপত্তি দৰ্শাোৱা বুলি সদৰী কৰি ৰিপুণ বৰাই কয় যে ন্যায়ালয়ে ১৯৪৬ চনৰ বিদেশী আইনক ভিত্তি কৰি ৰায় দিছিল। সেই আইনখনত উল্লেখ আছে যে যিসকল বিদেশী ঘোষিত হৈছে, সেইসকলৰ সতি-সন্ততিৰ এখন তালিকা সীমা সুৰক্ষা বাহিনীয়ে প্ৰস্তুত কৰিব।

“কিন্তু এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই উচ্চতম ন্যায়ালয়ৰ অধীনত প্ৰণালী প্ৰস্তুত হোৱাৰ পিছতো এই কথাটো উচ্চতম ন্যায়ালয়ক অৱগত নকৰাকৈ জিলা উপায়ুক্তসকললৈ নিৰ্দেশনা দিছে যে যিসকল বিদেশী হিচাপে গণ্য হৈছে, সেইসকলৰ সতি-সন্ততি অথবা পৰিয়ালৰ অন্য লোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হ’ব নোৱাৰিব।” এনেদৰে বৰাই কয়। আজি এই বিষয়টো সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছে এন আৰ চিৰ ৰাজ্যিক সমন্বয়কজনক স্মাৰক পত্ৰ দিয়ে।