NORTHEAST NOW (Assamese)
অসম

ডিমৰীয়াত আপৰ বান সাহায্য বিতৰণ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী July 21, 2024 5:51 pm

কামৰূপ জিলাৰ ডিমৰীয়া বিধান সভা সমষ্টিত আজি আম আদমী পাৰ্টিৰ একাংশ সক্ৰিয় কৰ্মীয়ে বান সাহায্য বিতৰণ কৰে।

ডিমৰীয়াৰ অতিকৈ পিছপৰা জনজাতীয় গাওঁ  তপাতলী, কুৰকুৰীয়া আৰু জাৰীকুছিৰ বানপীড়িত চাৰি শতাধিক পৰিয়ালৰ মাজত আপৰ নেতা – কৰ্মী সকলে প্ৰয়োজনীয় খাদ্য সামগ্ৰী বিতৰণ কৰে।

দলৰ জ্যেষ্ঠ নেতা প্ৰবীন শৰ্মা আৰু নৃপেন খাখলাৰীৰ নেতৃত্বত বানপীড়িত তথা দৰিদ্ৰ লোকৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰা হয় ।

আপৰ উদ্যোগত গ্ৰহণ কৰা এই কাৰ্যসূচীৰ বাবে অঞ্চলটোৰ ৰাইজে উদ্যোক্তা সকলৰ শলাগ লয়।