NORTHEAST NOW (Assamese)
অসম

বিশেষভাৱে সক্ষম লোকক অপমানৰ অভিযোগ; সমালোচনাৰ কেন্দ্ৰত এগৰাকী আই এ এছ বিষয়া

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 22, 2024 12:51 pm

পূজা খেড়কাৰক লৈ চৰ্চা আজিও চলি আছে। ভুৱা নথি-পত্ৰ জমা দি নিজকে ‘বিশেষভাৱে সক্ষম’ বুলি প্ৰমাণ কৰি তেওঁ আই এছত যোগদান কৰাৰ অভিযোগ। ইউ পি এছ চিয়ে নিজেই তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

তাৰমাজতে আন এগৰাকীআই এ এছ বিষয়াই কাৰ্যতঃ ‘বিশেষভাৱে সক্ষম’সকলৰ বাবে সংৰক্ষণৰ বিৰোধিতা কৰিলে। ছ’চিয়েল মিডিয়াত তেওঁৰ এই পোষ্টটোক লৈ তুমুল বিতৰ্কৰ সৃষ্টি কৰিছে।

তেলেংগানা বিত্ত আয়োগৰ সদস্য সচিব আই এ এছ বিষয়া স্মিতা সভৰৱালে ‘বিশেষভাৱে সক্ষম’ক লৈ বিতৰ্কিত পোষ্ট কৰে। তেওঁ লিখিছে, “বিশেষকৈ সক্ষম লোকসকলৰ প্ৰতি যথাযথ সন্মানৰ সৈতে কৈছো, আপুনি কেতিয়াবা বিমান সংস্থাই আপোনাৰ দৰে কোনোবা এজনক পাইলট হিচাপে নিযুক্তি দিয়া দেখিছেনে? অথবা অস্ত্ৰোপচাৰৰ আগতে বিশেষভাৱে সক্ষম কোনো অস্ত্ৰোপচাৰ বিশেষজ্ঞক বিশ্বাস কৰিবনে? তেনেহ’লে আই এ এছ, আই পি এছ বিষয়াৰ নিযুক্তিত এই সংৰক্ষণৰ যুক্তি কি? এই কামত শাৰীৰিক ক্ষমতাৰ প্ৰয়োজন কাৰণ ঘণ্টাৰ পিছত ঘণ্টা কাম কৰিব লাগে, বাহিৰলৈ ওলাই যাব লাগে।”

লগতে পঢ়কঃ চৰকাৰী কৰ্মচাৰীসকলে এতিয়া RSS কৰিব পাৰিব; ৫৮ বছৰ পুৰণি নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিলে কেন্দ্ৰই

বহুতে স্মিতাৰ এই পোষ্টটো শ্বেয়াৰ কৰি সমালোচনা কৰে। কোনো কোনোৱে কয় যে তেওঁ অহংকাৰী হৈ পৰিছে। একাংশৰ মতে এজন আই এ এছ বিষয়াৰ এনে আচৰণে সঁচাকৈয়ে আঘাত দিয়ে।

শিৱসেনাৰ ৰাজ্যসভাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে কয়, “এগৰাকী আই এ এছ বিষয়াই যেতিয়া এই ধৰণৰ মানসিকতা দেখুৱায় সেয়া সঁচাকৈয়ে বেদনাদায়ক। কিন্তু অতি আশ্চৰ্যজনক যে ইমান ডাঙৰ পদত থকাৰ পিছতো তেওঁলোকে  কিমান সৰু মনৰ পৰিচয় দিছে।‘’

কিছুদিন পূৰ্বে স্মিতাইও প্ৰশিক্ষাৰ্থী আই এ এছ বিষয়া পূজা খেড়কাৰৰ বিষয়টোৰ ওপৰত মুকলিকৈ কৈছিল। স্মিতাই কৈছিল যে ইউ পি এছ চিয়ে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ পিছতহে আই এ এছ-আই পি এছ বিষয়াসকলৰ ওপৰত মানুহৰ বিশ্বাস ঘূৰি আহিব। তেওঁ আশা কৰে যে ভৱিষ্যতে এই সমস্যা পুনৰ উদ্ভৱ নহ’ব। লগতে ভৱিষ্যতে নথি-পত্ৰ পৰীক্ষণত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

বিতৰ্কৰ মাজত সোমাই পৰা স্মিতা সভৰৱালৰ জন্ম দাৰ্জিলিঙত। তেওঁ ২২ বছৰ বয়সত ইউ পি এছ চি ক্লিয়াৰ কৰি দেশৰ আটাইতকৈ কম বয়সীয়া মহিলা আই এ এছ বিষয়া হিচাপে পৰিগণিত হয়।