NORTHEAST NOW (Assamese)
অসম

দেশৰ হৈ ১০০খন টেষ্ট খেলা ইংলেণ্ডৰ ক্ৰিকেটাৰ গ্ৰাহাম থৰ্পৰ ৫৫ বছৰ বয়সত দেহাৱসান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 5, 2024 3:27 pm

তেওঁ দেশৰ হৈ ১০০খন টেষ্ট খেলিছিল। কেৰিয়াৰৰ শেষত ইঞ্জেকছন লৈও বেটিং কৰিছিল। কিন্তু ৫৫ বছৰ বয়সত জীৱন যুদ্ধত পৰাস্ত হয় গ্ৰাহাম থৰ্প। সোমবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন ইংৰাজ বেটছমেনগৰাকীয়ে।

তেওঁৰ মৃত্যুৰ খবৰ প্ৰকাশ কৰিছে ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডে। থৰ্প তেওঁৰ সময়ৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন হিচাপে ক্ৰিকেট জগতৰ মাজত পৰিচিত আছিল। ইংলেণ্ডৰ টেষ্ট অধিনায়ক বেন ষ্টোকছে ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

১৯৮৮ চনৰ পৰা থৰ্পে ছাৰেৰ হৈ কাউন্টি খেলিছিল। ইয়াৰ পিছত ১৯৯৩ চনত ইংলেণ্ড টেষ্ট দলৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটায়। ১২ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত তেওঁ ১০০ খন টেষ্ট খেলিছিল। থৰ্পে ৮২খন এদিনীয়া খেলো খেলিছিল।

লগতে পঢ়কঃ ১০০ মিটাৰৰ নতুন সম্ৰাট, বিশ্বৰ দ্ৰুততম মানৱ, ৯.৭৯ ছেকেণ্ডত অলিম্পিক চেম্পিয়ন নোৱা লাইলছ

কাউন্টি ক্ৰিকেটত ছাৰেৰ হৈ তেওঁৰ ২০ হাজাৰৰো অধিক ৰান আছে। প্ৰাক্তন ইংৰাজ বেটছমেনগৰাকীৰ মৃত্যুৰ কথা ঘোষণা কৰি ইচিবিয়ে কয় যে দেশৰ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন গ্ৰাহাম থৰ্পৰ মৃত্যুত সমগ্ৰ ইংলেণ্ডে গভীৰ শোক প্ৰকাশ কৰিছে।

কিন্তু ক্ৰিকেট কেৰিয়াৰৰ শেষৰ ফালে বেটছমেন গৰাকী যন্ত্ৰণাত কাতৰ হৈ পৰিছিল। আনকি বিষনাশক বেজী লৈও তেওঁ খেলপথাৰত নামিছিল। ক্ৰিকেটাৰ হিচাপে কেৰিয়াৰ শেষ হোৱাৰ পিছত থৰ্পে প্ৰশিক্ষকৰ জগতখনত ভৰি দিয়ে।

গ্ৰাহাম থৰ্পে ২০১০ চনত ইংলেণ্ডৰ বেটিং প্ৰশিক্ষক হিচাপে নিযুক্তি লাভ কৰে। ইয়াৰ পিছত ইংলেণ্ডৰ জাতীয় দলত দলটোৰ সহকাৰী প্ৰশিক্ষক হিচাপে যোগ দিয়ে। ২০২২ চনত আফগানিস্তানৰ বিৰুদ্ধে ইংলেণ্ডৰ শৃংখলাৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি লাভ কৰিছিল থৰ্পে। কিন্তু সেই সময়ত থৰ্প অসুস্থ হৈ পৰে। শেষত ৫৫ বছৰ বয়সত জীৱন যুদ্ধত পৰাস্ত হয় প্ৰাক্তন বেটছমেনগৰাকী।