NORTHEAST NOW (Assamese)
Popular Stories

প্ৰতিবাদৰ মাজতে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগ; পলায়ন কৰি ভাৰতৰ শৰণাপন্ন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 5, 2024 3:22 pm

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগৰ দাবীত ব্যাপক প্ৰতিবাদৰ মাজতে দেশ এৰি যোৱাৰ খবৰ আহিছে।

শতাধিক লোকৰ প্ৰাণ হেৰুৱাইছে অব্যাহত থকা হিংসাত্মক পৰিস্থিতিৰ মাজতে হাছিনাই ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰা বুলিও সূত্ৰৰ পৰা জানিব পৰা গৈছে।

পাঁচ দশকৰো অধিক পূৰ্বে চুবুৰীয়া দেশখন প্ৰতিষ্ঠা হোৱাৰ পাছত এই প্ৰতিবাদসমূহে অন্যতম ভয়াৱহ পৰিবেশৰ সৃষ্টি কৰিছে।

নেতাগৰাকীৰ ঘনিষ্ঠ সূত্ৰই এএফপিক জনোৱা মতে, “তেওঁ আৰু তেওঁৰ ভগ্নীয়ে গণভবন (প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহ) এৰি নিৰাপদ স্থানলৈ গৈছে।”সূত্ৰটোৱে লগতে প্ৰকাশ কৰে যে প্ৰধানমন্ত্ৰীয়ে “এটা ভাষণ ৰেকৰ্ড কৰিব বিচাৰিছিল,” কিন্তু পৰিস্থিতিৰ বাবে সেয়া কৰিব পৰা নাছিল।