NORTHEAST NOW (Assamese)
অসম

বৰপেটাত দলঙৰ পৰা পৰি সলিল সমাধি ঘটিল অষ্টম শ্ৰেণীৰ ছাত্ৰৰ

Posted by: পুলেন্দ্ৰ দাস May 21, 2018 9:40 pm

বৰপেটা চহৰৰ গণককুছিৰ নিবাসী অমল দাসৰ পুত্ৰ তথা বৰপেটা শংকৰদেৱ বিদ্যা নিকেতনৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ মনদ্বীপ দাস (১৩)ৰ আজি সলিল সমাধি ঘটি মৃত্যু হয়।

উল্লেখযোগ্য যে বৰপেটা চহৰৰ সমীপৱৰ্তী পাটবাউসীৰ নখান্দা দলঙৰ পৰা ছাত্ৰজন হঠাৎ পানীত পৰি যায়।

আনহাতে সেই সময়তে ঘটনাস্থলীত উপস্থিত একাংশ স্থানীয় লোকে ঘটনাটো প্ৰত্যক্ষ কৰাৰ লগে লগে অঞ্চলটোত হুৱা-দুৱা পৰিস্থিতিৰ সৃষ্টি হয়।

পিচত নদীত সেই সময়ত মাছ মাৰি থকা একাংশ লোকে নাওৰে আহি ছাত্ৰজনক উদ্ধাৰ কৰে আৰু বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে।

কিন্তু দুৰ্ভাগ্যবশত চিকিৎসালয় পোৱাৰ পিছত চিকিৎসকে ছাত্ৰজনক মৃত বুলি ঘোষণা কৰে। ছাত্ৰজনৰ এনে অস্বাভাৱিক মৃত্যুৱে অঞ্চলটোত এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।