NORTHEAST NOW (Assamese)
জীৱনশৈলী

কোনো লক্ষণ নোহোৱাকৈ আক্ৰান্ত হ’ব পাৰে এই কেইটা যৌন ৰোগত : এতিয়াই জানি লওক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 18, 2024 9:00 pm

প্ৰেমৰ সম্পৰ্কত যৌন সম্পৰ্ক এটা সাধাৰণ কথা। ইজনে সিজনৰ মাজত শৰীৰৰ সান্নিধ্যত ডুব যোৱাৰ ফলত এক বেলেগ অনুভৱ, উত্তেজনাৰ সৃষ্টি হয়। আকৌ, বহুতো সম্পৰ্কৰ সমীকৰণ শাৰীৰিক প্ৰয়োজনীয়তাৰ ওপৰত নিৰ্ভৰশীল।

শাৰীৰিক সংগমৰ দ্বাৰা কেৱল শাৰীৰিক নহয়, আৱেগিক সন্তুষ্টিও পোৱা যায়। কিন্তু আন এটা কথা মনত ৰখাটো অতি প্ৰয়োজনীয়। যৌন স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো অতি প্ৰয়োজনীয়। যদি পুৰুষ-মহিলা উভয়ৰে সজাগতা নাথাকে তেন্তে যৌন সংক্ৰামক ৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে।

কিছুমান ৰোগৰ  বাবে বন্ধ্যাত্বও হ’ব পাৰে। বিশেষকৈ মহিলাৰ সকল এই বিষয়ে অধিক সজাগ হোৱাৰ প্ৰয়োজন কাৰণ মহিলা সকলৰ এনে ৰোগ হোৱাৰ সম্ভাৱনা বেছি। অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবে বেক্টেৰিয়া, ভাইৰাছ বা পৰজীৱীৰ দ্বাৰা যৌন সংক্ৰমিত ৰোগ হ’ব পাৰে।

যদি এছটিডি(যৌন সংক্ৰমণ) সোনকালে ধৰা নপৰে তেন্তে সমস্যাটো আৰু বেছি হ’ব পাৰে। অৱশ্যে কিছুমান যৌন সংক্ৰামক ৰোগ আছে, যাৰ কোনো লক্ষণ দেখা নাযায়।

ক্ল’মাইডিয়া – এই বেক্টেৰিয়াজনিত যৌন সংক্ৰমিত ৰোগ পুৰুষ আৰু মহিলা উভয়কে আক্ৰান্ত কৰিব পাৰে। মহিলাৰ ক্ষেত্ৰত এই ৰোগ হোৱাৰ সম্ভাৱনা কিছু বেছি। মূলতঃ লক্ষণবিহীন যদিও এই ৰোগে শৰীৰৰ শ্ৰোণী অংশত প্ৰদাহজনিত সমস্যাৰ সৃষ্টি কৰে। এই ৰোগ অত্যধিক হ’লে মহিলাসকলে গৰ্ভধাৰণত বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব পাৰে।

গনোৰিয়া – কোনো উল্লেখযোগ্য লক্ষণ নাথাকিলেও মহিলাৰ এই ৰোগ হোৱাৰ সম্ভাৱনা বেছি। কিন্তু ছোৱালীৰ ক্ষেত্ৰত ঋতুস্ৰাৱৰ মাজভাগত ‘স্পটিং’ হ’ব পাৰে। প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা বা অস্বাভাৱিক স্ৰাৱও নিৰ্গত হ’ব পাৰে। সময়মতে চিকিৎসা নকৰিলে ছোৱালীৰ ‘টিউবেল গৰ্ভধাৰণ’ হোৱাৰ আশংকা থাকে। আক্ৰান্ত পুৰুষে প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা অনুভৱ কৰিব পাৰে।

এইচ আই ভি – এইচ আই ভি এক গুৰুতৰ ৰোগ যদিও ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি। এইচ আই ভি ৰোগত আক্ৰান্ত লোকৰ এইডছ হয়। বিভিন্ন ধৰণৰ শাৰীৰিক জটিলতা আহিব পাৰে। অৱশ্যে এই ৰোগৰ কোনো লক্ষণ দেখা পোৱা নাযায়।

হাৰপিছ – হাৰপিছৰ ফলত সাধাৰণতে যৌনাংগৰ আশে-পাশে খজুৱতি, ফুলা আৰু বিষ আদি কিছুমান লক্ষণ দেখা দিয়ে। এই ৰোগ মূলতঃ অসুৰক্ষিত যৌন সম্পৰ্কৰ ফলত হয়। চিকিৎসাৰ দ্বাৰা ৰোগৰ লক্ষণসমূহ নিয়ন্ত্ৰণ কৰি সংক্ৰমণ ৰোধ কৰিব পৰা যায়।