NORTHEAST NOW (Assamese)
অসম

নিশামণি ডেকাৰ জামিন আৱেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ December 11, 2017 4:33 pm

উচ্চতম ন্যায়ালয়ে সোমবাৰে বৰ্তমান পলাতক হৈ থকা আৰু এ পি এছ চি কেলেংকাৰিত অভিযুক্ত এ চি এছ বিষয়া নিশামণি ডেকাৰ জামিন আৱেদন নাকচ কৰে। এন ভি ৰমন আৰু আব্দুল নাজিৰৰ দ্বাৰা গঠিত দুজনীয়া বিচাৰপীঠে তেওঁৰ আৱেদন নাকচ কৰে। সমগ্ৰ ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি কৰা এ পি এছ চিৰ কেলেংকাৰিৰ নিশামণি ডেকা এগৰাকী অন্যতম অভিযুক্ত। নিশামণি ডেকাই কেইবাবাৰো আগতীয়া জামিন ল’বৰ চেষ্টা কৰি বিফল হৈছিল। যোৱা ২৭ নৱেম্বৰত তেওঁৰ জামিন আৱেদন গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিছিল। আজিও তেওঁৰ আৱেদন উচ্চতম ন্যায়ালয়ে নাকচ কৰাত এতিয়া তেওঁৰ হাতত আত্ম সমৰ্পণৰ বিকল্প নোহোৱাৰ দৰে হৈছে। উল্লেখযোগ্য যে কেলেংকাৰিটোত এতিয়ালৈকে ২৩ জন এ চি এছ, এ পি এছ তথা সংযুক্ত সেৱাৰ বিষয়াক আৰক্ষীয়ে গ্ৰপ্তাৰ কৰিছে যদিও আন দুজন অভিযুক্ত ক্ৰমে নিশামণি ডেকা আৰু ৰাকেশ গুপ্তা পলাতক অৱস্থাত আছে। অসম আৰক্ষীয়ে এতিয়াও তেওঁলোকৰ সন্ধানত চেষ্টা অব্যাহত ৰাখিছে। আনহাতে গ্ৰেপ্তাৰ হৈ থকা ২৩জন বিষয়াক আজি আৰক্ষীয়ে গুৱাহাটীত বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰায়। ডিব্ৰুগড় আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ হোৱা বিষয়া সকলৰ নাৰ্ক’টিক পৰীক্ষাৰ বাবে অনুমতি বিচাৰে।