NORTHEAST NOW (Assamese)
Popular Stories

স্কুল বাছ মানেই ইয়াৰ ৰং হালধীয়া! কিয় জানেনে? ইয়াৰ আঁৰত আছে ডাঙৰ বৈজ্ঞানিক কাৰণ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 25, 2024 1:15 pm

সাধাৰণতে ৰঙৰ গুৰুত্ব অপৰিসীম। আমাৰ জীৱনতেই হওক বা আন যিকোনো কামতেই হওক, ৰঙে বহু কথা বুজাব পাৰে। কেতিয়াবা ৰং প্ৰতীক হিচাপেও ব্যৱহাৰ কৰা হয়। প্ৰতিটো ৰঙৰ আঁৰত এটা অৰ্থ থাকে। আমি জনা মতে শান্তিক প্ৰতিনিধিত্ব কৰিবলৈ বগা ৰং ব্যৱহাৰ কৰা হয়। বিপদৰ ইংগিত দিবলৈ ৰঙা ৰং ব্যৱহাৰ কৰা হয়। ৰাস্তাত খোজ কাঢ়ি গ’লে স্পষ্ট হৈ পৰে স্কুল বাছৰ ৰং হালধীয়া? এই ৰং ৰঙা বা নীলা কিয় নহয়? সেই প্ৰশ্নটোও মনলৈ আহে।

আচলতে স্কুল বাছৰ হালধীয়া ৰঙৰ আঁৰত এটা বৈজ্ঞানিক কাৰণ আছে। আন ৰঙতকৈ হালধীয়া ৰঙৰ দৃশ্যমানতা বেছি। মূলতঃ দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈকে স্কুল বাছত হালধীয়া ৰং কৰা হয়। ৰঙা ৰঙৰ তৰংগদৈৰ্ঘ্য বেছি, ৬৫০ নেন’মিটাৰ। ফলত আটাইতকৈ দূৰৰ পৰাই ৰঙা ৰং দেখা যায়। তাৰ তুলনাত হালধীয়া ৰঙৰ তৰংগদৈৰ্ঘ্য কম, ৫৮০ নেন’মিটাৰ।

তেন্তে স্কুল বাছত হালধীয়া ৰং কিয় ব্যৱহাৰ কৰা হয়? ইয়াৰ কাৰণ ‘লেটাৰেল পেৰিফেৰেল ভিজন’ যাক সংক্ষিপ্তভাৱে ‘এল পি ভি’ বুলি কোৱা হয়। হালধীয়া ৰঙৰ বাবে এই ‘এল পি ভি’ ৰঙাৰ তুলনাত ১.২৪ গুণ বেছি। ফলত ইয়াৰ দৃশ্যমানতা আৰু আকৰ্ষণ ক্ষমতা ৰঙা ৰঙৰ তুলনাত বহু বেছি। ফলত বৰষুণ আৰু কুঁৱলীৰ মাজতো দূৰৰ পৰা এই ৰং সহজে দেখা যায়। সেয়ে স্কুল বাছ এখন লক্ষ্যদৃষ্টিত নাথাকিলেও হালধীয়া ৰঙৰ বাবে সহজেই দেখা পোৱা যাব। আৰু সেইবাবেই স্কুল বাছবোৰ হালধীয়া ৰঙৰ হয়।