NORTHEAST NOW (Assamese)
দেশ

বাছৰ ভিতৰত ধৰ্ষণ কৰিলে কিশোৰীক : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৫ পাষণ্ডক

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী August 25, 2024 6:56 pm

দেশত সংঘটিত হৈ আছে ইটোৰ পিছত সিটোকৈ জঘন্য ধৰ্ষণৰ ঘটনা। যোৱা সোমবাৰে ডুৰাডুনত সংঘটিত হয় এক লোমহৰ্ষক ধৰ্ষণকাণ্ড।

এখন বাছৰ ভিতৰত কেইবাটাও পাষণ্ডই মিলি ধৰ্ষণ কৰে কিশোৰীগৰাকীক।

জানিব পৰা মতে, দলবদ্ধ ধৰ্ষণৰ সৈতে জড়িত আটাইকেইজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা কৰিছে আৰক্ষীয়ে।

দেওবাৰে আৰক্ষী অধীক্ষক অজয় ​​সিঙে জনোৱা মতে, পটেল নগৰ থানাত অভিযুক্তৰ বিৰুদ্ধে POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে প্ৰমাণ সংগ্ৰহৰ বাবে কাম কৰি আছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি গ্ৰেপ্তাৰ কৰা পাঁচজন অভিযুক্তৰ ভিতৰত তিনিজন উত্তৰাখণ্ড পৰিবহণ বিভাগৰ কৰ্মচাৰী।

যোৱা সোমবাৰে ডেৰাডুনত বাছত এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছিল। কিশোৰীগৰাকী উত্তৰ প্ৰদেশৰ মোৰাদাবাদৰ। ভ্ৰমণৰ সময়ত ডেৰাডুনলৈ নিয়াৰ প্ৰস্তাৱ দি বাছৰ চালক, কনডাক্টৰ আৰু আন কেইজনে মিলি কিশোৰীগৰাকীক ধৰ্ষণ কৰে।