NORTHEAST NOW (Assamese)
অসম

এটা গামলাক বাদ্যযন্ত্ৰ হিচাপে লৈ সংগীত পৰিৱেশন কৰা অন্ধ শিল্পী শৈলেন পায়েঙক বিহু কমিটিৰ প্ৰৱঞ্চনা

Posted by: মিটু খাটনিয়াৰ May 22, 2018 2:21 pm
Sailen

মাজুলীত বিহু সমিতিৰ প্ৰবঞ্চনাৰ বলি হ’ল মাজুলীৰ জনপ্ৰিয় অন্ধ শিল্পী শৈলেন পায়েং।

উল্লেখযোগ্য যে মাজুলীৰ শৈলেন পায়েং নামৰ অন্ধ শিল্পীজনে এটা গামলাকে বাদ্যযন্ত্ৰ হিচাপে লৈ গীত পৰিৱেশন কৰি জনসাধাৰণৰ মন মুহিবলৈ সক্ষম হৈছে। বোকাৰ পদূম স্বৰূপ শৈলেন এতিয়া মাজুলীৰ বিহু মঞ্চৰ এটা চিনাকী নাম।

মাজুলীৰ বিভিন্ন স্থানত অনুষ্ঠিত বিহুৰ অনুষ্ঠান সমূহলৈ আমন্ত্ৰণ পোৱা শৈলেনক দেওবাৰে মাজুলীৰ মহকিনাৰ অঞ্চলত অনুষ্ঠিত বহাগী বিদায় অনুষ্ঠানৰ অন্যতম শিল্পী হিচাপে আমন্ত্ৰণ জনাইছিল।

প্ৰাপ্ত তথ্য মতে পোন্ধৰ হাজাৰ টকাৰ বন্দোবস্তিৰে শৈলেনক গীত পৰিবেশন কৰিবলৈ আমন্ত্ৰণ কৰিছিল বিহু কমিটিয়ে। আৰু সেই অনুসৰিয়ে সন্ধিয়া বিহু মঞ্চত গীত পৰিবেশন কৰিছিল শৈলেনে।

কিন্তু অনুষ্ঠানৰ শেষত শৈলেনক মাননি দিবলৈ অমান্তি হয় বিহু সমিতি আনকি শৈলেনক অপমান কৰিবলৈও কুণ্ঠাবোধ নকৰিলে বিহু কমিটিয়ে।

ফলত ঘটনা সন্দৰ্ভত শৈলেনে গড়মূৰ আৰক্ষী থানাৰ সহায় লয়। গড়মূৰ আৰক্ষীৰ তৎপৰতাত বিহু সমিতিয়ে শৈলেনক চাৰিদিনৰ ভিতৰত পূৰ্বে নিৰ্দ্ধাৰিত কৰা মাননি দিব বুলি চুক্তি কৰে।

আনহাতে মাজুলীত জনপ্ৰিয়তা অৰ্জন লাভ কৰবিলৈ সক্ষম হোৱা এজন অন্ধ শিল্পীক কৰা এনেদৰে অপমান কৰা কাৰ্যক মাজুলীৰ সচেতন মহলে তীব্ৰ ভাষাৰে গৰিহণা দিছে।