NORTHEAST NOW (Assamese)
অসম

নন্দিতা গাৰ্লোছাৰ পদত্যাগৰ দাবী : স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে শিৱাসাগৰত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী August 28, 2024 2:58 pm

অসমৰ বিদ্যুৎ বিভাগে স্মাৰ্ট মিটাৰ ব্যৱস্থাৰে গ্ৰাহকৰ পৰা অত্যাধিক বিদ্যুৎ মাছুল সংগ্ৰহ কৰি একপ্ৰকাৰৰ লুণ্ঠন চলোৱাৰ অভিযোগত আজি কংগ্ৰেছ দলে শিৱসাগৰ জিলাত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

অসমৰ বিভিন্ন প্ৰান্তৰ লগতে  শিৱসাগৰ জিলা কংগ্ৰেছেও আজি বিদ্যুৎ বিভাগ তথা APDCL ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

শিৱসাগৰৰ APDCL ৰ কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে জিলা কংগ্ৰেছে ।

শিৱসাগৰ জিলা আৰু ব্লক কংগ্ৰেছৰ বিষয়ববীয়া তথা কৰ্মী সকলে APDCL ৰ কাৰ্যালয় ঘেৰাও কৰি স্মাৰ্ট মিটাৰ বন্ধ কৰক, বিদ্যুৎ মাছুল হ্ৰাস কৰক, বিজেপি চৰকাৰ মুৰ্দাবাদ আদি শ্লোগান দি পৰিৱেশ উত্তপ্ত কৰি তোলে ।

অত্যাধিক বিদ্যুৎ মাছুল সংগ্ৰহেৰে গ্ৰাহকৰ মূৰত মাধমাৰ মৰা বিভাগীয় মন্ত্ৰী নন্দিতা গাৰ্লোছায়ে পদত্যাগ কৰা উচিত বুলিও দাবী তোলে কংগ্ৰেছ কৰ্মী সকলে।