NORTHEAST NOW (Assamese)
Popular Stories

ভাৰতীয় নৌসেনাই লাভ কৰিলে ৭৫০ কিলোমিটাৰ দূৰত্ব ভেদিব পৰা পাৰমাণৱিক অস্ত্ৰপৰিবাহী দ্বিতীয়খন ছাবমেৰিন

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী August 29, 2024 8:46 pm

নৌসেনাক শক্তিশালী কৰিবলৈ এইবাৰ আন এখন পাৰমাণৱিক ক্ষমতাসম্পন্ন চাবমেৰিন সংযোজন কৰা হ’ল। বৃহস্পতিবাৰে নৌসেনাৰ নতুন সদস্য ‘আই এন এছ আৰিঘাট’। এই চাবমেৰিনে নতুন সদস্য হিচাপে অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত নৌসেনাত যোগদান কৰে। ‘আই এন এছ অৰিহন্ত’তকৈ ই অধিক উন্নত।

সূত্ৰ অনুসৰি ‘আই এন এছ আৰিঘাট’ত থাকিব কে-১৫ বেলিষ্টিক মিছাইল। এই ক্ষেপণাস্ত্ৰই ৭৫০ কিলোমিটাৰ দূৰত্বৰ লক্ষ্য সহজে ধ্বংস কৰিবলৈ সক্ষম। এই বৈশিষ্ট্যই আই এন এছ আৰিঘাটক আৰু অধিক শক্তিশালী কৰি তোলে। এই চাবমেৰিনে ঘণ্টাত ২২-২৮ কিলোমিটাৰ বেগত চলিব পাৰে।

থলুৱা প্ৰযুক্তিৰে নিৰ্মিত এই চাবমেৰিনখন। ১১৩ মিটাৰ দীঘল এই জাহাজখনে সাগৰৰ পৰা ৯৮০ ফুটৰ পৰা ১৪০০ ফুট তললৈ যাব পাৰে। এই চাবমেৰিনখন হৈছে অৰিহন্ত শ্ৰেণীৰ শেহতীয়া SSBN (Ship, Submersible, Ballistics Nuclear)। জাহাজখনত আছে চাৰিটা কে ৪ মিছাইল। যিয়ে ৩৫০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰে। ইয়াৰ উপৰিও ১২টা কে ১৫ এছ এল বি এম (চাবমেৰিনত নিক্ষেপ কৰা বেলিষ্টিক মিছাইল) আছে। যিবোৰে ৭৫০ কিলোমিটাৰ দূৰত্বৰ লক্ষ্য ধ্বংস কৰাৰ ক্ষমতা ৰাখে। কামানৰ উপৰিও এই চাবমেৰিনত ২১ ইঞ্চিৰ চাৰিটা টৰ্পিডো আছে। পাৰমাণৱিক শক্তি ব্যৱহাৰ কৰি এই জাহাজখন সাগৰৰ ওপৰেৰে প্ৰতি ঘণ্টাত ২৮ কিলোমিটাৰ বেগত চলিব। সাগৰৰ তলত ইয়াৰ গতিবেগ প্ৰতি ঘণ্টাত ৪৪ কিলোমিটাৰ।