NORTHEAST NOW (Assamese)
অসম

হাৰিয়ানা নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা কংগ্ৰেছৰ; দলত যোগ দিয়েই টিকট পালে ৱিনেশ ফ’গাটে

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী September 7, 2024 10:06 am

শেহতীয়াকৈ কংগ্ৰেছত যোগদান কৰিছে পেৰিছ অলিম্পিকৰ মল্লযুঁজাৰু ৱিনেশ ফ’গাটে। ইফালে যোগদান কৰিয়েই আগন্তুক হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ টিকটো লাভ কৰিলে। তেওঁ ৰাজ্যৰ জুলানা বিধানসভাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব।

আন এগৰাকী মল্লযুঁজাৰু বজৰং পুনিয়াও কংগ্ৰেছত যোগ দিছে। অৱশ্যে তেওঁ প্ৰাৰ্থী হোৱা নাই। কিন্তু দলত যোগদান কৰি তেওঁ সৰ্বভাৰতীয় কিষাণ কংগ্ৰেছৰ কাৰ্যকৰী অধ্যক্ষৰ পদ লাভ কৰিছে।

অহা ৫ অক্টোবৰত হাৰিয়ানাত নিৰ্বাচন। ইতিমধ্যে তাত ৱিনেশ প্ৰাৰ্থী হ’ব পাৰে বুলি বাতৰি ওলাইছিল। শুকুৰবাৰে আনুষ্ঠানিকভাৱে তাত ছীল মোহৰ পৰিল।

কালি বিয়লি ৱিনেশ আৰু বজৰঙে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে। তাৰ আগতে ৱিনেশেও ৰেলৱেৰ চাকৰিৰ পৰা পদত্যাগ কৰিছিল। দুয়োজনে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহলৈ যায়।

লগতে পঢ়কঃ আইনগতভাৱে ভাং খেতি কৰা হ’ব হিমাচল প্ৰদেশত; বিধানসভাত গৃহীত হ’ল প্ৰস্তাৱ

কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকাত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপিন্দৰ সিং হুদাও। তেওঁ গড়ী সম্পালা-কিলোইৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব।

পেৰিছ অলিম্পিকৰ ফাইনেলত প্ৰৱেশৰ সপোন ছিন্নভিন্ন হৈ পৰিছিল ৱিনেশৰ। অৱশ্যে তেওঁ ঘৰলৈ উভতি আহি ‘চেম্পিয়ন’ৰ দৰে সন্মান লাভ কৰিছিল। ইয়াৰ পিছত তেওঁ ভূপিন্দৰ সিং হুদাকো লগ পাইছিল। শম্ভু সীমান্তত কৃষকৰ অৱস্থানতো যোগ দিছিল।

ৱিনেশে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীকো সাক্ষাৎ কৰিছিল। বজৰং পুনিয়াও তাত আছিল। সংশ্লিষ্ট সূত্ৰসমূহে অনুমান কৰিব পাৰিছি যে ইয়াৰ দ্বাৰা ৱিনেশে কংগ্ৰেছত যোগদান কৰি প্ৰাৰ্থী হোৱাৰ ইংগিত দাঙি ধৰিছিল। সেইটোৱেই  কালি বাস্তৱ হৈ পৰিল।

মহিলা মল্লযুঁজাৰুসকলৰ হাৰাশাস্তিৰ প্ৰতিবাদত মল্লযুঁজাৰুসকলে ৰাজপথলৈ ওলাই আহিছিল মল্লযুঁজাৰু ফেডাৰেচনৰ তদানীন্তন মুৰব্বী ব্ৰীজভূষণ শৰণ সিঙৰ বিৰুদ্ধে। সেই যুঁজৰ মূল মুখ আছিল ৱিনেশ, বজৰং আৰু সাক্ষী।

লগতে পঢ়কঃ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত হৰিণৰ মাংসৰ সৈতে ধৰা পৰিল “চোৰাংচিকাৰী”

দিল্লীৰ যন্তৰমন্তৰত ধৰ্নাৰ পৰা আৰম্ভ কৰি নতুন সংসদ ভৱনলৈ অভিযানলৈকে তেওঁলোকে সকলো কামতে অগ্ৰণী ভূমিকা গ্ৰহণ কৰা দেখা গৈছিল।ৱিনেশ আৰু বজৰঙে ৰাজনৈতিক দলত যোগদান কৰিলে যদিও, সাক্ষী মালিকে সেয়া কৰিবলৈ অনিচ্ছুক।