NORTHEAST NOW (Assamese)
জীৱনশৈলী

কোনটো বয়সত বিয়া কৰালে বৃদ্ধি পাব পুৰুষৰ আয়ুস : গৱেষণাত ওলাল আচৰিত তথ্য

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী September 13, 2024 8:46 pm

শেহতীয়াকৈ আমেৰিকাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত বিবাহৰ সঠিক বয়সৰ সম্পৰ্কে এক অধ্যয়ন কৰা হৈছে। এই গৱেষণা মূলতঃ পুৰুষৰ ওপৰত কৰা হৈছিল।

এই অধ্যয়ন প্ৰায় দুহাজাৰ পুৰুষৰ ওপৰত কৰা হৈছিল। য’ত মূলতঃ বিবাহিত আৰু অবিবাহিত পুৰুষে অংশগ্ৰহণ কৰিছিল। বয়সৰ পৰিসৰ আছিল ২৫ৰ পৰা ৩৫ বছৰ। এই অধ্যয়নৰ মূল উদ্দেশ্য আছিল বিয়াৰ পিছত পুৰুষসকল কিমান সুখী হয় আৰু বিবাহৰ সময়ত কিমান বয়সত তেওঁলোকে আটাইতকৈ সুখী হয় সেই বিষয়ে জানিব পৰাটো।

বহুতে ভাবে যে যদি ল’ৰাৰ বিয়া অলপ দেৰি হয়, তেতিয়াহ’লে তেওঁলোকে পৰিয়ালটো সুন্দৰকৈ চলাই ৰাখিব পাৰে। এই ক্ষেত্ৰত পত্নী যদি স্বামীতকৈ সৰু হয় তেন্তে বিবাহিত জীৱন সুখৰ হয়।

কিন্তু গৱেষণাৰ পৰা দেখা গৈছে যে ছোৱালীৰ দৰে ল’ৰাবোৰেও কম বয়সত বিয়া পাতিলে সুখী হোৱাৰ সম্ভাৱনা বেছি। গৱেষকসকলে ইয়াৰ আঁৰৰ কাৰণ দাঙি ধৰিছে। তেওঁলোকৰ মতে বয়স যিমান কম হ’ব সিমানেই উপযুক্ত সংগী বিচাৰি পোৱাৰ সম্ভাৱনা বেছি। এই ক্ষেত্ৰত গৱেষকসকলে কয় যে যদি আপুনি ২৫ বছৰৰ আগতে বিবাহপাশত আবদ্ধ হয় তেন্তে উপযুক্ত সংগী পোৱাৰ সম্ভাৱনা বেছি। আৰু উপযুক্ত সংগীৰ সৈতে বিয়া পাতিলে জীৱনটো সুখৰ হ’ব।

বিশেষজ্ঞসকলে কয় যে কম বয়সতে বিয়া হ’লে আপোনাৰ যৌন জীৱনো ভাল হ’ব। আৰু যদি আপুনি এটা সুস্থ যৌন জীৱন অনুসৰণ কৰে তেন্তে আপোনাৰ শৰীৰ আৰু মন ভাল হ’ব।

সৰুতে বিয়া কৰালে সোনকালে সন্তান জন্ম দিয়াৰ কোনো হেঁচা নাথাকে। ফলত পত্নীৰ লগত অলপ বেছি দিন স্বতন্ত্ৰভাৱে থাকিব পাৰি।

মূলতঃ এই সকলোবোৰ এই অধ্যয়নত ওলাইছে। কিন্তু গৱেষকসকলে কয় যে এই গৱেষণা কৰি থাকোঁতে বহু পুৰুষে বিবাহৰ বিৰুদ্ধে কথা কৈছিল। বহুতৰ মতে বিবাহ মানে মানসিক চাপ। বিশেষকৈ এফালে কৰ্মস্থলীৰ উত্তেজনা আৰু আনফালে পৰিয়ালৰ উত্তেজনাই মানসিক চাপ বৃদ্ধি কৰে। যিটো শৰীৰৰ বাবে একেবাৰেই ভাল নহয়।