NORTHEAST NOW (Assamese)
অসম

বিজ্ঞানীসকলৰ অভিনৱ আৱিষ্কাৰ! পালে নতুন প্ৰকাৰৰ ব্লাড গ্ৰুপ ‘MAL’, জানি লওক ইয়াৰ বৈশিষ্ট্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 26, 2024 11:00 am

বিজ্ঞানীসকলৰ এক অভিনৱ আৱিষ্কাৰ। বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছে এক নতুন প্ৰকাৰৰ ব্লাড গ্ৰুপ। তেওঁলোকৰ মতে এই আৱিষ্কাৰে মানৱ বিজ্ঞানৰ ইতিহাসত এক নতুন দিগন্ত মুকলি কৰিলে।

ইমানদিনে ব্লাড গ্ৰুপ বুলি ক’লে চাৰিটা গ্ৰুপ জনা যায়। ‘A’ (এ), ‘B’ (বি), ‘AB’ (এবি), আৰু ‘O’ (ও)। বিজ্ঞানীসকলৰ এই নতুন আৱিষ্কাৰত তেজৰ গ্ৰুপৰ তালিকাত আন এটা নাম সংযোজন হৈছে। এই নতুন ব্লাড গ্ৰুপটোক ‘এমএএল’ (MAL)নাম দিয়া হৈছে।

ব্ৰিটেইনৰ বিজ্ঞানীসকলে কয় যে এই বিৰল তেজৰ গ্ৰুপটো প্ৰথমে ১৯৭২ চনত চিনাক্ত কৰা হৈছিল যদিও তেতিয়া পোহৰলৈ অহা নাছিল। কাৰণ তেতিয়াও বহু পৰীক্ষা বাকী আছিল। ব্ৰিটেইনৰ দক্ষিণ গ্ল’চেষ্টাৰশ্বাৰৰ স্বাস্থ্য সংস্থা এন এইচ এছ ব্লাড এণ্ড ট্ৰান্সপ্লাণ্ট (এন এইচ এছ বি টি)ৰ গৱেষকসকলে এই তেজৰ গ্ৰুপটো চিনাক্তকৰণ আৰু চিকিৎসা জগতৰ বাবে ইয়াৰ সম্ভাৱ্য উপকাৰিতাৰ ওপৰত কেইবাটাও গৱেষণাৰ অন্তত এই গ্ৰুপটোৰ কথা পোহৰলৈ আনিছে।

লগতে পঢ়কঃ ‘বিধৱাই মেকআপ নকৰে, কিয় এই অপবাদ!’ পাটনা উচ্চ ন্যায়ালয়ক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ

তেওঁলোকে কয় যে এই নতুন আৱিষ্কাৰে চিকিৎসকসকলক বহু বিৰল ৰোগৰ চিকিৎসাত সহায় কৰিব পাৰে। এই বিজ্ঞানীসকলৰ সৈতে ব্রিষ্টল বিশ্ববিদ্যালয়ৰ গৱেষকৰ দল এটাও আছিল৷

গৱেষণা দলটোৰ এগৰাকী জ্যেষ্ঠ বিজ্ঞানীয়ে কয়, এইটো এটা বিৰল ব্লাড গ্ৰুপ আৰু এই বিৰল ব্লাড গ্ৰুপটো ৰোগীৰ বাবে অতি উপকাৰী হ’ব। চিকিৎসা বিজ্ঞানত ই সহায় কৰিব। নতুন গৱেষণাই ৰক্ত সঞ্চালন সুৰক্ষিত কৰি তোলাত সহায় কৰিব আৰু ৰক্তদান প্ৰক্ৰিয়াটো সহজ কৰি তুলিব।

গৱেষকসকলৰ মতে, ইয়াৰ ফলত ৰক্তদানৰ হাৰ বৃদ্ধি হোৱাৰ লগতে ৰক্ত সম্পৰ্কীয় ৰোগৰ ঔষধতো পৰিৱৰ্তন আনিব। ঔষধ প্ৰস্তুত কৰাত অধিক সূক্ষ্মতা আহিব। ইয়াৰ দ্বাৰা বিৰল তেজৰ ৰোগত আক্ৰান্ত লোকৰ চিকিৎসা পদ্ধতিও সলনি হ’ব।

এই নতুন আৱিষ্কাৰক লৈ তেওঁলোক অতি আশাবাদী। ইমানদিনে এই ব্লাড গ্ৰুপটোক লৈ বিজ্ঞানীসকলৰ মাজত যথেষ্ট বিভ্ৰান্তিৰ সৃষ্টি হৈছিল। অৱশেষত উন্মোচিত হৈছে এই ৰহস্য।

লগতে পঢ়কঃ নিমিষতে দূৰ হ’ব এচিডিটি! জানি লওক বদহজমৰ পৰা ৰক্ষা পৰাৰ ঘৰুৱা উপায়

দৰাচলতে গৱেষক দলটোৱে ‘ANDWJ’ নামৰ তেজৰ গ্ৰুপৰ এন্টিজেনৰ জিনীয় ভিত্তি উন্মোচন কৰিবলৈ সক্ষম হৈছে, যিটো এতিয়ালৈকে সম্পূৰ্ণ অজ্ঞাত আছিল। ‘ANWJ’ হৈছে তেজৰ গ্ৰুপৰ এবিধ বিৰল এন্টিজেন। এই এন্টিজেনৰ অভাৱ হ’লে কি হ’ব পাৰে? বিজ্ঞানীসকলে কয়, ৰোগীয়ে তেজ সঞ্চালন কৰাৰ সময়ত গুৰুতৰ পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে। এতিয়াৰ পৰা সেই সম্ভাৱনা নাই। ই ৰক্তদাতা আৰু ৰক্তগ্ৰহণকাৰী উভয়কে চিনাক্ত কৰিব পাৰে।