NORTHEAST NOW (Assamese)
Popular Stories

নতুন প্ৰেমত মেডোনা, প্ৰেমিকৰ সৈতে ক’ত সময় কটাইছে পপ তাৰকাগৰাকীয়ে?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 3, 2024 2:54 pm

পপ তাৰকা মেডোনাই নতুনকৈ প্ৰেমত পৰিছে। চলিত বছৰতে দুয়ো দুয়োৰে প্ৰেমত মছগুল হৈছে। আৰু এতিয়া দুয়ো একেলগে লণ্ডনলৈ গৈছে। তাৰ পৰাই কেইবাখনো ছবিও পোষ্ট কৰিছে।

নতুন প্ৰেমিক মেডোনাতকৈ ৩৮ বছৰ সৰু। ছচিয়েল মিডিয়াত চৰ্চিত হৈছে তেওঁৰ আৰু প্ৰেমিকৰ বয়সৰ ব্যৱধান। ৬৬ বছৰীয়া মেডোনা ২৮ বছৰীয়া আকিম মৰিছৰ প্ৰেমত পৰিছে।

এতিয়া মেডোনাই প্ৰেমিকৰ সৈতে লণ্ডনত ছুটী কটাইছে। শেহতীয়াকৈ তেওঁ লণ্ডন ভ্ৰমণৰ কেইবাখনো ফটো ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল।

ক’ৰবাত তেওঁলোকে গান গাই থকা দেখা গৈছে, আন ক’ৰবাত পপ ষ্টাৰগৰাকীয়ে প্ৰেমিকক ধৰি থকা দেখা গৈছে।

ষ্টেমফোৰ্ড ব্ৰীজ ষ্টেডিয়ামত বহি চেলছী ফুটবল দলৰ খেল উপভোগ কৰাও দেখা গৈছে এখন ছবিত। ছবিখনত পপ সংগীতৰ ৰাণীগৰাকীয়ে প্ৰেমিকক সাৱটি ধৰি থকা দেখা গৈছে।

মেডোনাই প্ৰথমবাৰৰ বাবে যোৱা জুলাই মাহত এই সম্পৰ্কৰ কথা ৰাজহুৱা কৰিছিল। যোৱা ৪ জুলাইত প্ৰথমবাৰৰ বাবে ছ’চিয়েল মিডিয়াত মৰিছৰ সৈতে এখন ছবি পোষ্ট কৰিছিল গায়িকাগৰাকীয়ে।