NORTHEAST NOW (Assamese)
Popular Stories

তিনিচুকীয়াত ড্ৰাগছৰ বিৰুদ্ধে যুৱ তথা ছাত্ৰৰ উজ্জীৱিতকৰণ সন্দৰ্ভত ড° দিব্যজ্যোতি শইকীয়াৰ প্ৰেৰণাত্মক অনুষ্ঠান

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী October 3, 2024 7:21 pm

বিগত ২৪ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈকে তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ দহতিকৈ ভিন্ন স্থানত ড্ৰাগছ আদি নিচা জাতীয় দ্ৰব্য, অন্ধবিশ্বাস তথা কু- সংস্কাৰৰ বিৰুদ্ধে ছাত্ৰ তথা যুৱ সমাজৰ উজ্জিবিতকৰণ আৰু কেৰিয়াৰ কাউন্সিলিংৰ লগতে দেশ আৰু সমাজৰ প্ৰতি দায়বদ্ধতা সন্দৰ্ভত এলানী প্ৰেৰণাত্মক অনুষ্ঠান অনুস্থিত হৈ যায়।

উক্ত অনুষ্ঠান সমূহত প্ৰেৰনাত্মক বক্তা তথা মুখ্য বক্তা হিচাপে উপস্থিত থাকে টিম আন্নাৰ ৰাষ্ট্ৰীয় ক’ৰ কমিটীৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সদস্য, বিশ্ব সংবিধান সংসদৰ ভাৰতৰ সদস্য, দেশৰ অন্যতম অন্ধবিশ্বাস বিৰোধী যুক্তিবাদী নেতা, প্ৰেৰনাত্মক বক্তা, আন্তৰাষ্ট্ৰীয় শান্তি বঁটা প্ৰাপক অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানব অধিকাৰ তথা সমাজ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়া।

ড০ দিব্যজ্যোতি শইকীয়াৰ ড্ৰাগছ বিৰোধী আৰু কেৰিয়াৰ সন্দৰ্ভত অনুস্থিত প্ৰতিটো অনুষ্ঠানত যুৱ তথা ছাত্ৰ সমাজৰ লগতে তেঁওলোকৰ অভিভাৱক, নেতৃস্থানীয় মহিলা, শিক্ষককে আদি কৰি বিভিন্ন লোক উপস্হিত থাকে। এই সমূহ কাৰ্যসূচীত ড০ দিব্যজ্যোতি শইকীয়াই উপস্হিত সকলোকে ড্ৰাগছৰ ভয়াবহতা , মানসিক আৰু শাৰীৰিক স্বাস্থ্য সুষ্ঠকৈ অটুট ৰাখি কি কি পদ্ধতি তথা উপায়েৰে ড্ৰাগছ আদিক প্ৰতিহত কৰি কৰ্ম সংস্কৃতিৰে নিজকে প্ৰতিষ্ঠা কৰাৰ লগতে কেনেকৈ দেশ আৰু সমাজ আগুৱায় নিব পাৰি এই সন্দৰ্ভত বৃষ্টিত বাখ্যা আবঢ়ায়।

ড০ শইকীয়াই উপস্থিত ছাত্ৰ-ছাত্ৰীক উপযুক্ত কেৰিয়াৰ গঢ়াৰ ক্ষেত্ৰত বহু সু-পৰামৰ্শ প্ৰদান কৰাৰ লগতে পিতৃ মাতৃ সমাজ আৰু দেশৰ প্রতি দায়িত্ব কৰ্তব্য আৰু দায়বদ্ধতা সন্দৰ্ভত সাৰগৰ্ভ তথা মনোগ্ৰাহী বুজনি দিয়ে। বৰদুমচাৰ অসম অৰুণাচল সীমান্ত অঞ্চলৰ মহাত্মা গান্ধী উচ্চতৰ মাধ্যমিক বিদ্যালয়, গৰীয়সী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়, পেঙেৰিৰ বুঢ়িদিহিং জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়, তালাপ ডাঙৰী অঞ্চলৰ ডাঙৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, ফিল’বাৰী শঙ্কৰদেৱ শিশু (একাদ্বশ & দাদ্বশ ) নিকেতন।

ফিল’বাৰী আৰু দিৰাক সীমান্ত অঞ্চলৰ চিকৰাজন জাতীয় বিদ্যাল়য়, ফিল’বাৰী জ্যেষ্ঠ মাধ্যমিক বিদ্যাল়য়, দিৰাক সীমান্তৰ কাকপথাৰ অঞ্চলৰ বৰমেচায় নিচামুক্তি কেন্দ্ৰকে আদি কৰি বিভিন্ন অনুষ্ঠানত অনুষ্ঠিত হোৱা ড্ৰাগছ বিৰোধী, অন্ধবিশ্বাস বিৰোধীৰ লগতে বাল্য বিবাহ বিৰোধী আৰু সু শিক্ষাৰে শিক্ষিত হৈ কৰ্ম সংস্কৃতিৰ প্ৰতি স্পৃহা জাগৰণৰ সমূহ প্ৰেৰনাত্মক কাৰ্যসূচীত ৰাজ্যৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমাজ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়াৰ লগতে লেখক, সাহিত্যিক, তিনিচুকীয়া জিলা সাহিত্য সভাৰ সভাপতি মোহন মৰাণ, সমাজ কৰ্মী বদ্য বৰা, ফিল’বাৰী শঙ্কৰ দেৱ শিশু নিকেতনৰ শৈক্ষিক উপদেষ্টা বলি শইকীয়া, সচিব মৃণাল জ্যোতি শইকীয়া, ফিলবাৰী জুনিয়ৰ কলেজৰ অধ্যক্ষ তুলসী উপাধ্যায়, বুঢ়িডিহিং জুনিয়ৰ কলেজৰ অধ্যক্ষা দীপিকা মৰাণকে আদি কৰি ভালেমান গুণী জ্ঞানীলোক উপস্হিত থাকে।