NORTHEAST NOW (Assamese)
Popular Stories

কানাডাৰ দুখলগা ছবি! হোটেলত ওৱেটাৰৰ কামৰ বাবে শাৰী পাতিলে প্ৰবাসী ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী October 6, 2024 7:46 pm

কানাডাৰ এখন ৰেষ্টুৰেণ্টত ওৱেটাৰৰ চাকৰিৰ বাবে আবেদন কৰিবলৈ দীঘলীয়া লাইন! ইয়াৰে অধিকাংশই ভাৰতীয়। ভিডিঅ’টো ওলোৱাৰ লগে লগে ইণ্টাৰনেট জগতত হুলস্থুলৰ সৃষ্টি হয়।

কানাডাৰ ব্ৰেম্পটনত টাণ্ডুৰী ফ্লেম। এই ৰেষ্টুৰেণ্টখনে শেহতীয়াকৈ ওৱেটাৰৰ পদৰ বাবে এটা জাননী প্ৰকাশ কৰিছে। তাৰ পাছত ৰেষ্টুৰেণ্টখনৰ সন্মুখত এটা দীঘলীয়া লাইন দেখা যায়। প্ৰায় ৩০০০ লোকে আৱেদন জমা দিবলৈ থিয় হৈছিল। ইয়াৰে অধিকাংশই ভাৰতীয় ছাত্ৰ।

ভিডিঅ’টো ওলোৱাৰ পিছৰে পৰা কানাডাত নিয়োগ সম্পৰ্কে প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে। পোষ্টটোত দেশৰ বাহিৰৰ পৰা কানাডালৈ অহা লোকৰ ভৱিষ্যতৰ বিষয়েও আলোচনা কৰা হৈছে৷

একাংশ নেটিজেনে পোষ্টটোৰ কমেণ্টত লিখিছে,
‘এতিয়া পৰিস্থিতিৰ কথা বিবেচনা নকৰাকৈ হঠাতে দেশ এৰি যোৱাটো উচিত নহয়।’

অৱশ্যে বহুতে কৈছে, হয়তো পাৰ্ট টাইম চাকৰি, সেইবাবেই বহুতে পঢ়াৰ সমান্তৰালকৈ কৰিব বিচাৰে। এজনে লিখাৰ দৰে কানাডাত আৰম্ভণিতে সকলো সংগঠিত হোৱাটো সহজ নহয়। গতিকে হয়তো ৰেষ্টুৰেণ্টত চাকৰি বিচাৰিব।

অৱশ্যে এই ভিডিঅ’টোৰ বিষয়ে কোনো বিতং তথ্য পোৱা নগ’ল।