NORTHEAST NOW (Assamese)
নাগালেণ্ড

নিৰ্বাচন বৰ্জন কৰিব ইষ্টাৰ্ন নাগালেণ্ড পিপল অৰ্গেনাইজেইশ্যনে

Posted by: এন ই নাও নিউজ December 11, 2017 8:33 pm

নাগালেণ্ডত অহা বছৰৰ প্ৰথম ভাগতে অনুষ্ঠিত হ’ব লগীয়া বিধানসভা নিৰ্বাচন সম্পৰ্কত আলোচনা কৰিবলৈ ইষ্টাৰ্ন নাগালেণ্ড পিপল অৰ্গেনাইজেইশ্যনে (ENPO) আজি সকলো জনজাতীয় দল-সংগঠন আৰু ই এন পি অ’ৰ আগ শাৰীৰ সংগঠনবোৰৰ অহা ২১ ডিচেম্বৰত এখন সভা আহ্বান কৰিছে। টুৱেনচাঙৰ মুখ্য কাৰ্য্যালয়ত এই সভাখন অনুষ্ঠিত কৰা হ’ব। সভাখন আহ্বান কৰা হয় আগন্তুক বিধানসভা নিৰ্বাচন বৰ্জন কৰিবলৈ কন্যাক সংঘ আৰু ফ’ম পীপলছ কাউন্সিলে যুটীয়াভাৱে লোৱা সিদ্ধান্তৰ পিছতে। উল্লেখযোগ্য যে নাগালেণ্ড বিধানসভাৰ নিৰ্বাচন অহা বছৰৰ মাৰ্চ মাহত অনুষ্ঠিত হোৱাৰ কথা। নিৰ্বাচনৰ বৰ্জনৰ সিদ্ধান্তৰ কাৰণ হিচাপে ই এন পি অ’ৰ সুকীয়া ৰাজ্য দাবী পূৰণ নকৰাৰ প্ৰতিবাদ বুলি কোৱা হৈছে। এই কথা ই এন পি অ’ৰ সাধাৰণ সম্পাদক মানলেং ফ’মে জানিবলৈ দিয়ে। ই এন পি অ’ই চি কে এছ, কে টি চি, ৱাই টি চি, ই এন জি অ’ এ, ই এন ডব্লিউ অ’, ই এন এছ এফ আৰু ই এন ডি বি য়ুক এই বিষয়টো আলোচনা কৰিবলৈ এখন সভা পাতিবলৈ আৰু এটা সিদ্ধান্তত উপনীত হ’বলৈ আহ্বান জনাইছে।