NORTHEAST NOW (Assamese)
দেশ

নিমখীয়া ভুজিয়াৰ পেকেটত ২০০ কেজি ড্ৰাগছ! আনুমানিক মূল্য প্ৰায় ২ হাজাৰ কোটি টকা

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী October 10, 2024 9:44 pm

বৃহস্পতিবাৰে দিল্লী আৰক্ষীৰ বিশেষ কোষে জব্দ কৰিছে প্ৰায় ২০০০ কোটি টকা মূল্যৰ কোকেইন।

জব্দ কৰা ড্ৰাগছখিনিৰ ওজন ২০০ কিলোগ্ৰাম।

আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহ কৰা ট্ৰাকখনত গোপনে জিপিএছ স্থাপনৰ কৰি ড্ৰাগছৰ ঘাটিটো উচ্ছেদ কৰিবলৈ সক্ষম হৈছে।

আৰক্ষীৰ মতে, জব্দ কৰা ড্ৰাগছখিনি নিমখীয়া ভুজিয়াৰ পেকেটত লুকুৱাই অনা হৈছিল।

জানিব পৰা মতে এই ঘটনাৰ মূল অভিযুক্তই লণ্ডনলৈ পলায়ন কৰিছে।

যোৱা ২ অক্টোবৰত ৫৬০ কেজিতকৈ অধিক কোকেইন আৰু ৪০ কিলোগ্ৰাম হাইড্ৰ’পনিক গাঞ্জা জব্দ কৰিছিল দিল্লী আৰক্ষীয়ে। সেই একেটা ছিণ্ডিকেটৰ লগত নতুনকৈ জব্দকৃত ড্ৰাগছৰ সম্পৰ্ক আছে বুলি সদৰী কৰিছে দিল্লী আৰক্ষীয়ে।

এই গোচৰত আৰক্ষীয়ে তুষাৰ গোৱাল (৪০), হিমাংশু কুমাৰ (২৭) , ঔৰংজেব ছিদ্দিকী (২৩) আৰু ভাৰত কুমাৰ জৈন (৪৮) নামৰ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰে।

শেহতীয়া ঘটনাৰ লগত জড়িত অভিযুক্তক লণ্ডনৰ পৰা ঘূৰাই অনাৰ চেষ্টা অব্যাহত ৰাখিছে দিল্লী আৰক্ষীয়ে।