পাৰমাণৱিক অস্ত্ৰমুক্ত বিশ্ব গঢ়াৰ প্ৰচেষ্টাৰ বাবে জাপানৰ সংস্থা ‘নিহোন হিডাংক্য’লৈ শান্তিৰ নোবেল বঁটা

হিৰোছিমা আৰু নাগাছাকিৰ পাৰমাণৱিক বোমা বিস্ফোৰণৰ পৰা ৰক্ষা পোৱা লোকসকলক প্ৰতিনিধিত্ব কৰা জাপানী সংগঠন ‘নিহোন হিডাংক্য’লৈ আগবঢ়োৱা হৈছে ২০২৪ চনৰ শান্তিৰ নোবেল বঁটা।
পাৰমাণৱিক অস্ত্ৰমুক্ত বিশ্বৰ পোষকতা আৰু পাৰমাণৱিক অস্ত্ৰৰ ভয়াৱহতাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে ‘নিহোন হিডাংক্য’ লৈ এই সন্মান আগবঢ়োৱা হৈছে।
১৯৫৬ চনত গঠন হোৱা ‘নিহোন হিডাংক্য’ হৈছে জাপানৰ পাৰমাণৱিক বোমাৰ পৰা ৰক্ষা পোৱা লোকৰ আটাইতকৈ ডাঙৰ আৰু প্ৰভাৱশালী সংগঠন। ইয়াৰ লক্ষ্য হৈছে পাৰমাণৱিক অস্ত্ৰৰ বিপৰ্যয়জনক মানৱীয় পৰিণতিৰ বিষয়ে বিশ্বজুৰি সজাগতা বৃদ্ধি কৰা।
১৯৪৫ চনৰ আগষ্ট মাহত পাৰমাণৱিক আক্ৰমণৰ সন্মুখীন হৈছিল জাপান। তেতিয়াৰ পৰাই জাপানী লোকসকলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পাৰমাণৱিক অস্ত্ৰমুক্ত বিশ্ব নিৰ্মাণৰ বাণী প্ৰচাৰ কৰি আহিছে।
উল্লেখ্য যে জাপানৰ পাৰমাণৱিক আক্ৰমণৰ প্ৰায় ৮০ বছৰ পাৰ হৈ যোৱাৰ পিছতো পাৰমাণৱিক অস্ত্ৰই বিশ্বজুৰি ভাবুকিৰ সৃষ্টি কৰি আহিছে।
যোৱা তিনি বছৰ ধৰি চলি আাহিছে ৰুছ-ইউক্ৰেইনৰ যুদ্ধ। বাৰে বাৰে পাৰমাণৱিক আক্ৰমণৰ ভাবুকি দি আহিছে ৰাছিয়াই। এই যুদ্ধত এতিয়ালৈলে প্ৰায় ৪২ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছে।
এই বঁটাই এতিয়া সংগঠনটোক অধিক প্ৰাসংগিক কৰি তোলাৰ লগতে পাৰমাণৱিক অস্ত্ৰমুক্ত বিশ্বৰ বিষয়টোক আগুৱাই লৈ যোৱাত সহায় কৰিব বুলি আশা কৰিছে নোবেল কমিটীয়ে।