NORTHEAST NOW (Assamese)
অসম

বিজেপি চৰকাৰে দুৰ্নীতিমুক্ত অসম গঢ়া কথাটোৰ পৰা ফালৰি কটাৰ অভিযোগ নিবনুৱা সন্থাৰ

Posted by: অনিৰ্বাণ পাঠক May 23, 2018 10:00 pm
সদৌ অসম নিবনুৱা সন্থা

সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে দুৰ্নীতিমুক্ত অসম গঢ়া কথাটোৰ পৰা ফালৰি কাটি অহা বুলি মন্তব্য প্ৰকাশ কৰিছে সদৌ অসম নিবনুৱা সন্থাৰ সভাপতি নীলমনি হাজৰিকাই। তেওঁ লগতে বৰ্তমানৰ বিজেপি চৰকাৰখনে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ নীতিকই গ্ৰহণ কৰা বুলি কৈ অসমৰ মানুহক বিজেপিয়ে যি অংগীকাৰ কৰিছিল তাৰ বিৰুদ্ধে গৈছে বুলি মত প্ৰকাশ কৰে।

বুধবাৰে দিচপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল অনুষ্ঠিত কৰি সদৌ অসম নিবনুৱা সন্থাৰ সভাপতি নীলমনি হাজৰিকাই শেহতীয়াভাৱে ৰাজ্যিক মীন নিগমত ৪০ টা পদৰ নিযুক্তিৰ ক্ষেত্ৰত কোনো বিজ্ঞাপন তথা সাক্ষাৎকাৰ অনুষ্ঠিত নকৰাকৈ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰা বুলিও এক গুৰুতৰ অভিযোগ উত্থাপন কৰে।

সংবাদমেলত ২০ মেত অনুষ্ঠিত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰীক্ষাত হোৱা ব্যাপক খেলিমেলি সন্দৰ্ভত বিষেদগাৰ প্ৰকাশ কৰি বিভাগীয় মন্ত্ৰী নৱ কুমাৰ দলে সুকলমে পৰীক্ষা অনুষ্ঠিত হৈ যোৱা বুলি কৰা মন্তব্যক গৰিহণা দিয়ে।

তেওঁ লগতে বহি:ৰাজ্যৰ কোম্পানীক এনে পৰীক্ষা অনুষ্ঠিত কৰিব দিয়া প্ৰসংগ উত্থাপন কৰি বহি:ৰাজ্যৰ কোম্পানীৰ কোনো বিশ্বাসযোগ্যতা নাই বুলিও মন্তব্য কৰে।

ইয়াৰ উপৰি, নীলমনি হাজৰিকাই এনে গুৰুত্বপূৰ্ণ পৰীক্ষাৰ প্ৰশ্নকাকত অসমৰ বাহিৰত কটাৰ বিৰোধিতা কৰি অসমৰ কোনো বিশ্ববিদ্যালয়ক এই দায়িত্ব দিবলৈ দাবী জনায়।

বুধবাৰে সদৌ অসম নিবনুৱা সন্থাই এই বিষয়টোৰ উচিত তদন্ত আৰু পুনৰ পৰীক্ষা পতাৰ দাবীত এক স্মাৰক পত্ৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰীলৈ প্ৰেৰণ কৰে।