NORTHEAST NOW (Assamese)
Popular Stories

বিজেপি নেতাৰ বোৱাৰী হ’ল পাকিস্তানী কন্যা! ভিছাৰ জটিলতাৰ বাবেই অনলাইন মাধ্যমত সম্পন্ন হ’ল বিবাহ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী October 20, 2024 12:42 pm

ডিজিটেল যুগত প্ৰেম কাৰোৰে বাবে বাধা হ’ব নোৱাৰে। উত্তৰ প্ৰদেশৰ বিজেপি নেতাৰ পুত্ৰই অনলাইনযোগে পাকিস্তানী যুৱতীক বিয়া কৰালে। জৌনপুৰৰ বিজেপি নেতা তেহচিন শ্বাহিদে খৰখেদাকৈ ডাঙৰ পুত্ৰৰ বিবাহৰ ব্যৱস্থা কৰিলে। কাৰণ কইনাৰ মাতৃ গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

গতিকে দুয়োটা পৰিয়ালে বিচাৰিছিল যে মহম্মদ আব্বাছ হাইদৰ আৰু আন্দলিপ জেহৰাই যিমান পাৰি সোনকালে বিবাহ সমাপ্ত কৰক। ইতিমধ্যে আব্বাছে ভিছাৰ বাবে আবেদন কৰিছিল। কিন্তু শেহতীয়াকৈ দুয়োখন চুবুৰীয়া দেশৰ মাজত ৰাজনৈতিক উত্তেজনাৰ মাজত ভিছা শীঘ্ৰে নিশ্চিত হোৱা নাই। গতিকে উত্তৰ প্ৰদেশৰ আব্বাছ আৰু লাহোৰৰ আন্দলিপে শুকুৰবাৰে নিশা অনলাইনত বিবাহপাশত আবদ্ধ হয়। ইমাম্বৰাত উপস্থিত থাকে দৰা। বিজেপিৰ কেইবাগৰাকীও নেতাক আমন্ত্ৰণ জনোৱা হয়। আনহাতে, লাহোৰৰ পৰা কইনাৰ পক্ষও উপস্থিত আছিল।

বিজেপি নেতা শ্বাহিদে যোৱা বছৰ ডাঙৰ পুত্ৰৰ বিবাহ ঠিক কৰিছিল। আন্দলিপ তেওঁৰ এজন আত্মীয়ৰ কন্যা। লাহোৰ চহৰত পৰিয়ালৰ সৈতে থাকে। বিজেপি নেতাগৰাকী আৰু তেওঁৰ পৰিয়ালে বিগত বৰ্ষত ভিছাৰ বাবে এতিয়াও আৱেদন কৰা নাই। কিছুদিন পূৰ্বে গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল আন্দলিপৰ মাতৃ ইয়াছমিন জাইদী। পাকিস্তানৰ এখন চিকিৎসালয়ত আই চি ইউত ভৰ্তি কৰোৱা হৈছিল। এনে পৰিস্থিতিত শ্বাহিদে নিজৰ পুত্ৰক অনলাইনত বিয়া কৰাবলৈ সিদ্ধান্ত লয়।

ছিয়া সম্প্ৰদায়ৰ ধৰ্মগুৰু মৌলানা মেহফুজুল হাছান খানে কয় যে ইছলামৰ ‘নিকাহ’ত কইনাৰ সন্মতি সৰ্বোচ্চ। মৌলানাৰ জৰিয়তে তেওঁ কথা ক’ব লাগিব। গতিকে অনলাইনত ‘নিকাহ’ অসম্ভৱ নহয়। দুয়োপক্ষৰ পৰা মৌলানাই শুভ অনুষ্ঠানটো সম্পূৰ্ণ কৰিলে।

শুকুৰবাৰে বিজেপিৰ বিধায়ক ব্ৰীজেশ সিং প্ৰিছুৰ দৰে নেতাই বিজেপি নেতাৰ পুত্ৰৰ বিয়াত অংশগ্ৰহণ কৰে। আৰু বিয়াৰ পিছত হাইদৰে আশা কৰিছে যে এইবাৰ তেওঁৰ পত্নীয়ে ভাৰতীয় ভিছা পাবলৈ বেছি সময় অপেক্ষা কৰিব নালাগিব। তেওঁ প্ৰশাসনক আবেদন জনায় যাতে তেওঁৰ পত্নীয়ে সোনকালে তেওঁৰ ওচৰলৈ আহিব পাৰে।