NORTHEAST NOW (Assamese)
অসম

অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশৰ পত্নীক পিষ্টল দেখুৱাই যোৰহাট আৰক্ষীৰ জালত দুৰ্বৃত্ত

Posted by: এন ই নাও নিউজ May 24, 2018 10:39 pm

যোৰহাট জিলাৰ অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশৰ পত্নীক ভাবুকি প্ৰদান কৰি আৰক্ষীৰ জালত পৰে এজন ব্যক্তি। আটকাধীন ব্যক্তিজনক ময়ুৰজিৎ ফুকন বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।

উল্লেখযোগ্য যে আজি দিনৰ ভাগত পথেৰে অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশৰ পত্নী গৈ থকাৰ অৱস্থাতে ময়ুৰজিৎ ফুকনৰ সৈতে গাড়ী অভাৰটেক কৰাক লৈ প্ৰথম অৱস্থাত দুয়োৰে মাজত তৰ্কাতৰ্কি হয়। আৰু পিছত ফুকনে মহিলাগৰাকী তথা অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশৰ পত্নীক পিষ্টল দেখুৱাই ভাবুকি প্ৰদান কৰে।

পিছত স্থানীয় ৰাইজ আৰু আৰক্ষীৰ তৎপৰতাত ফুকনক আটক কৰাৰ লগতে অনুজ্ঞাপত্ৰ থকা এটা পিষ্টল আৰু ৪ জাঁই গুলীও জব্দ কৰে। বৰ্তমান আটকাধীন ফুকনক যোৰহাট আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। আৰক্ষীয়ে জনোৱা অনুসৰি ধৃত ফুকন যোৰহাট জিলাৰ বঙালপুখুৰীৰ নিৱাসী।