NORTHEAST NOW (Assamese)
অসম

এবছৰত সংগ্ৰহ ৪৫২ কোটি টকাৰ টোল টেক্স : নতুন বছৰত আৰু ৩ খন টোল গেট উপহাৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 9, 2024 10:13 am

ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ২০২৩ চনত অসমৰ মুঠ ৯খন টোলগেটৰ পৰা ৪৫২.২২ কোটি টকাৰ টোল টেক্স সংগ্ৰহ কৰিছে।

চেণ্টাৰ ফৰ ইফিচিয়েণ্ট গভৰ্নেন্সৰ কাৰ্যবাহী সঞ্চালক ৰাকেশ হাজৰিকাই দাখিল কৰা আৰ টি আইৰ প্ৰশ্নৰ উত্তৰত প্ৰকাশ পাইছে এই কথা।

উল্লেখ্য যে মদনপুৰ টোল গেটে ১১৭.৬৮ কোটি টকা সংগ্ৰহ কৰি শীৰ্ষ ৰাজহ উৎপাদক হিচাপে স্থান লাভ কৰিছে।

ইয়াৰ পিছতে নাজিৰাঘাটে টোলগেটে ৯১.১৩ কোটি আৰু দহলাপাৰা টোলগেটে ৬৩.১৬ কোটি টকা সংগ্ৰহ কৰিছে।

আানহাতে পাটগাঁও টোলগেটে ৬১.৫৫ কোটি টকা, ৰহা টোলগেটে ৫৮.৪৩ কোটি টকা, মিকিৰাটি হাউগাঁও টোলগেটে ৩১.৬১ কোটি টকা আৰু গলিয়া টোলগেটে ২৪.০১ কোটি টকা সংগ্ৰহ কৰিছে।

আনহাতে মান্দৰদিছা আৰু বালাচেৰাই টোলগেটে ক্ৰমে ৩.৭৭ কোটি আৰু ০.৮৮ কোটি টকা সংগ্ৰহ কৰিছে।